বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান ৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বৰেণ্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টিৰাজি, মানৱতাবাদ আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ’ব।

জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে ৰাজ্যৰ বিভিন্ন প্রান্তত সুধাকণ্ঠৰ প্রতি শ্রদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

ইয়াৰ অংশ হিচাপে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বৰা কালি জন্ম শতবর্ষ উপলক্ষে জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ আৰু গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রী শ্রী দামোদৰ দেৱ প্রেক্ষাগৃহত হ’বলগীয়া বর্ণাঢ্য কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়।

বৈঠকত অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ অধ্যাপক, প্রশাসনিক মুৰববী আৰু ছাত্র সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে মহীৰূহগৰাকীৰ প্ৰতি উপযুক্ত শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে সংশ্লিষ্ট সকলোৰে আন্তৰিক সহযোগিতা আৰু সক্রিয় অংশগ্রহণ কামনা কৰিছে।