September 4, 2026 12:16 PM | Janmastami | Lord Krishna

printer

ভগৱান শ্রীকৃষ্ণৰ জন্মাষ্টমী ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতি, উলহ-মালহেৰে উদযাপন

ভগবান শ্রীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে উলহ-মালহেৰে পালন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যখনৰ সত্ৰ নামঘৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো বর্ণাঢ্য কাৰ্যসূচীৰ জন্মাষ্টমী উদযাপন কৰা হ’ব।

বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত বৈদিক ৰীতি-নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্রহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ বেদীত স্থাপন কৰি পূজা-অর্চনা কৰা হ’ব। লগতে দৌলগোবিন্দ মন্দিৰত নাম-প্রসংগও হ’ব।

সত্ৰনগৰী মাজুলী, বৰপেটা, বটদ্ৰৱা আদিৰ লগতে ৰাজ্যখনৰ প্ৰধান প্রধান সত্ৰ আৰু নামঘৰসমূহ জন্মাষ্টমী উপলক্ষে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি সজাই-পৰাই তোলা হৈছে। পুৱাৰে পৰাই নামঘৰসমূহত ভকত আৰু আয়তীসকলৰ নাম-প্রসংগ, গীত-নৃত্য অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। মাজুলীৰ ৩৩ খন সত্ৰ আৰু তিনিশৰো অধিক নামঘৰৰ লগতে প্ৰতিটো পৰিয়ালে জন্মাষ্টমী পালন কৰিছে। হৰিনাম কীৰ্তনৰ ধবনিৰে মাজুলী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে।

বৰপেটা জিলাৰ সত্ৰ নামঘৰসমূহতো উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। বৰপেটা সত্ৰত পুৱাৰ প্ৰসঙ্গৰ পৰা আৰম্ভ কৰি মাজনিশালৈ সত্ৰীয়া পৰম্পৰা অনুসৰি কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। নিশা কৃষ্ণ জন্মৰ নাটিকা পৰম্পৰাগতভাৱে পৰিবেশন কৰা হ’ব। জন্মাষ্টমীৰ দিনটোত বৰপেটাৰ কিশোৰী আৰু যুৱতীসকলে উপবাসে থকাটো এটা পৰম্পৰা।

 নিশা শ্রীকৃষ্ণৰ জন্মৰ পাছতহে এই উপবাস ভংগ কৰা হয়। সৰভোগৰ শ্ৰীশ্ৰী গৰখীয়া গোঁসাই থানতো জন্মাষ্টমী পালন কৰা হয়। প্রতি বছৰে থানখনত আজিৰ দিনটোত পুৱাৰে পৰা বহু ভক্তৰ সমাগম হৈ আহিছে। ইয়াৰ উপৰি পাটবাউসীৰ শ্ৰীশ্ৰী শংকৰদেৱ থান সত্ৰ, গণককুছি সত্ৰতো সত্ৰীয়া নীতি-নিয়মেৰে জন্মাষ্টমী পালন কৰা হৈছে।

শিলচৰৰ শ্যাম সুন্দৰ আখৰা, ৰাধা মাধৱ আখৰা, গোপাল আখৰা, গৌৰী মঠসহ বিশ্ব হিন্দু পৰিষদৰ পৰিচালিত গোবিন্দবাৰীতো জন্মাষ্টমীৰ আয়োজন কৰা হৈছে।

জন্মাষ্টমী উপলক্ষে ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে শুভেচ্ছা জনায়।

ইপিনে, শ্রীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ উলাবৰীত পাগলাদিয়া নদীৰ বুকুত এখন পৰম্পৰাগত নাও খেল প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। উলাবৰী হিতসাধিনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত ৮৩ সংখ্যক নাও খেল প্রতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা ১৫খন খেল নাৱে অংশগ্ৰহণ কৰিব। বিয়লি ২ বজাত নাও খেল প্রতিযোগিতা অনুষ্ঠিত হ’ব।

সমগ্র দেশতে আজি ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। এই উপলক্ষে ভক্তসকলে মন্দিৰসমূহ পৰিদৰ্শন কৰি ভগৱান শ্রীকৃষ্ণৰ উপাসনা কৰিছে। ভগৱান শ্রীকৃষ্ণক অর্পণ কৰিবলৈ মিঠাই আৰু আন সামগ্রী প্ৰস্তুত কৰিছে। শ্রীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে গকুল আৰু বৃন্দাবনৰ মন্দিৰসমূহৰ লগতে বাসগৃহসমূহো সজাই-পৰাই তোলা হৈছে।

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে জন্মাষ্টমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। শ্রীমতী মুর্মুৱে দিয়া এটা বার্তাত ভগৱান শ্রীকৃষ্ণৰ জীৱন আৰু শিকনিসমূহে দেশৰ সংস্কৃতি আৰু দার্শনিক ঐতিহ্যত এটা নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে।