September 4, 2026 12:16 PM

views 49

ভগৱান শ্রীকৃষ্ণৰ জন্মাষ্টমী ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতি, উলহ-মালহেৰে উদযাপন

ভগবান শ্রীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে উলহ-মালহেৰে পালন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যখনৰ সত্ৰ নামঘৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো বর্ণাঢ্য কাৰ্যসূচীৰ জন্মাষ্টমী উদযাপন কৰা হ'ব। বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত বৈদিক ৰীতি-নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্রহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ বেদীত স্থাপন কৰি পূজা-অর্চনা কৰা হ'ব।...