অসম আৰক্ষীত নতুনকৈ দুটা বেটেলিয়ন গঠন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

অসম আৰক্ষীত নতুনকৈ দুটা বেটেলিয়ন গঠন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কালি দেৰগাঁৱত অনুষ্ঠিত প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্রহণ কৰি এই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু শোধনাগাৰ আৰু তৈলক্ষেত্ৰ সুৰক্ষাৰ বাবেও এটা বিশেষ বেটেলিয়ন গঠন কৰা হ’ব বুলিও জনায়।

আৰক্ষী সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই সংবাদমাধ্যমক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰে। লাচিত বৰফুকন একাডেমীক কম সময়ৰ ভিতৰতে পূর্ণাংগ ৰূপ দিয়াৰ লগতে এই একাডেমীখনক ৰাষ্ট্ৰীয় মানৰ অত্যাধুনিক প্রশিক্ষণ কেন্দ্র হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। একেখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শৰ্মাই অসম আৰক্ষীত খালী থকা পাঁচ হাজাৰৰো অধিক পদত নিযুক্তি দিয়া হ’ব বুলিও প্রকাশ কৰে।