ভাৰতৰ মহিলা ক্রিকেট দলটোৱে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ টি-২০ এছিয়া কাপত হংকঙৰ বিৰুদ্ধে ১৩৭ ৰানত জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে।
প্রথমে বেট ধৰি ভাৰতে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৯৩ ৰান সংগ্ৰহ কৰে। মাত্র ৬৪ টা বলত ১২৪ ৰান কৰিবলৈ সক্ষম হোৱা স্মৃতি মান্ধনাক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। এই দর্শনীয় প্ৰদৰ্শনেৰে মান্ধনাই একাধিক বিশ্ব অভিলেখ ভংগ কৰাৰ লগতে মিতালী ৰাজক অতিক্ৰম কৰি মহিলাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।
প্ৰত্যুত্তৰত হংকঙে ১৬ অভাৰ ২ টা বলত মাত্র ৫৬ ৰান সংগ্ৰহ কৰে। কালিৰ খেলখনত ভাৰতৰ দীপ্তি শর্মাই ৩টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰেমা ৰাৱট, শ্ৰী চৰানী, আৰু নন্দিনী শর্মাই ২টাকৈ উইকেট দখল কৰে।