September 4, 2026 12:48 PM | State Teachers Award 2026

printer

ৰাজ্যিক কৃতি শিক্ষক বঁটা ২০২৬ৰ বাবে ১৫গৰাকী শিক্ষকক বাছনি

ৰাজ্যিক কৃতি শিক্ষক বঁটা-২০২৬ৰ বাবে ১৫ গৰাকী শিক্ষকক বাছনি কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী সমিতিৰ অনুমোদনমর্মে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই কালি এখন জাননীৰ জৰিয়তে কৃতি শিক্ষক বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে।

যোৰহাট জিলাৰ মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্যামলিমা বৰা, কামৰূপ মহানগৰৰ কামাখ্যা বিদ্যালয় হাইস্কুলৰ সহকাৰী শিক্ষক বিজন ৰয় ভৌমিক, নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক মানৱ ভৰালী, ডিব্ৰুগড়ৰ পি এম শ্ৰী ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক ৰিজু কুমাৰ চুতীয়া, শোণিতপুৰৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক প্ৰবীন কোচ, বৰপেটাৰ পি এম শ্রী ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, ধুবুৰীৰ পি এম শ্রী জামাদৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক আজিজুৰ ৰহমান,

নগাঁৱৰ বৰাপুজিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মাণিক চন্দ্র নাথ, কোকৰাঝাৰৰ হৰিণাগুৰি হাইস্কুলৰ সহকাৰী শিক্ষক বিবি প্রসাদ ব্রহ্মা, গোলাঘাটৰ চৌকীয়াল নিম্ন প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুলস্কা ৰাজখোৱা, হোজাইৰ হাতীখালি অসমীয়া নিম্ন প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাৰংগ নিৰ্মলীয়া,

ডিব্ৰুগড়ৰ ফটিকাছোৱা অভয়পুৰীয়া এম ভি এছৰ সহকাৰী শিক্ষক দিতিমণি দত্ত, দৰঙৰ ১৮২ নম্বৰ গোবিন্দধাম নিম্ন প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বেফুলা ডেকা শইকীয়া, কাছাৰৰ ৫৭ নম্বৰ টিকালপাৰ চাহবাগান নিম্ন প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক স্বস্ত্যায়ন দেৱ আৰু কাৰ্বি আংলঙৰ বকলিয়াঘাট চৰকাৰী এম ভি স্কুলৰ প্ৰধান শিক্ষক কামসিং হান্সেক কৃতি শিক্ষক বঁটাৰ বাবে বাচনি কৰা হৈছে।

কাইলৈ শিক্ষক দিৱসৰ দিনা পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কৃতি শিক্ষক কেইগৰাকীক বঁটা প্ৰদান কৰা হ’ব।