June 7, 2025 8:28 PM

views 94

ভাৰতে সদায় আইনৰ শাসন, গোলকীয় সহযোগিতা আৰু বিশ্ব পৰ্যায়ত আলোচনাৰ পোষকতা কৰি আহিছে বুলি ওম বিৰলাৰ প্ৰকাশ

ভাৰতে সদায় আইনৰ শাসন, গোলকীয় সহযোগিতা আৰু বিশ্ব পৰ্যায়ত আলোচনাৰ পোষকতা কৰি আহিছে বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰিছে। ব্ৰাজিলৰ ব্ৰাছিলিয়াত অনুষ্ঠিত ব্ৰিকছ সংসদীয় মঞ্চৰ একাদশ বৈঠকত অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰাৰ পাছত এটা ভিডিঅ' শ্বেয়াৰ কৰি শ্ৰী বিৰলাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে বৈঠকত অর্থবহন আলোচনা আৰু মত বিনিময় হয়। বৈঠকত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত সংসদীয় সহযোগিতা সুদৃঢ় কৰাৰ যৌথ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰাৰ লগতে কৃত্রিম বুদ্ধিমত্তা প্ৰযুক্তিৰ প্ৰসাৰ আৰু ...

April 17, 2025 10:05 AM

views 76

ভাৰতবৰ্ষক পূৰ্ণ বিকশিত ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত উদ্যোগ আৰু বাণিজ্য জগতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে : ওম বিৰলা

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক পূৰ্ণ বিকশিত ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত উদ্যোগ আৰু বাণিজ্য জগতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰিছে। শ্ৰীবিৰলাই এই ৰাষ্ট্ৰীয় আকাংক্ষা বাস্তৱায়িত কৰাৰ উদ্দেশ্যে উন্নয়নৰ স্থায়ী আৰু সৰ্বাত্মক আৰ্হি আঁকোৱালি ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। পি এইচ ডি বাণিজ্য আৰু উদ্যোগ সংঘৰ ১২০ সংখ্যক বার্ষিকী উপলক্ষে কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্রীবিলাই এইদৰে প্ৰকাশ কৰে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয়, যে চৰকাৰৰ উন্...

February 14, 2025 8:54 PM

views 53

চণ্ডীগড়ত অৰিয়েণ্টেচন কাৰ্যসূচী মুকলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই চণ্ডীগড়ত আজি হাৰিয়ানা বিধানসভাৰ সদস্যসকলৰ বাবে সংসদীয় গণতান্ত্রিক গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত আয়োজন কৰা অৰিয়েণ্টেচন কাৰ্যসূচী মুকলি কৰে। হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণ, উপাধ্যক্ষ কৃষ্ণা সিদ্ধা, মুখ্যমন্ত্রী নাইব সিং ছাইনী, উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ সতীশ মাহানা, হাৰিয়ানা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ জ্ঞান চান্দ গুপ্তা আৰু কংগ্ৰেছৰ বিধায়ক ভাৰত ভূষণ বাট্টাও এই অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত থাকি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নাইব ...

February 10, 2025 6:52 PM

views 76

দেশৰ সংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত জনপ্রতিনিধিসকলৰ অংশগ্ৰহণৰ হাৰ আৰু বৈঠকৰ সংখ্যা হ্ৰাস পোৱা বিষয়ক লৈ লোকসভাৰ অধ্যক্ষj উদ্বেগ প্রকাশ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেশৰ সংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত জনপ্রতিনিধিসকলৰ অংশগ্ৰহণৰ হাৰ আৰু বৈঠকৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত আজি পঞ্চদশ মহাৰাষ্ট্ৰ বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কসকলক লৈ আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে সদনৰ কাম-কাজ পৰিকল্পিতভাৱে ব্যাহত কৰাটোৱে সংসদীয় গণতন্ত্ৰৰ বাবে অশুভ ইংগিত বহন কৰে। নৱনিৰ্বাচিত বিধায়কসকলক সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰোৱা এই অনুষ্ঠানত লোকসভাৰ অধ্যক্ষগৰাকীয়ে মহাৰাষ্ট্ৰ বিধানসভাৰ গঠনমূলক কাম-কাজৰ শলাগ লয়।

February 9, 2025 11:08 AM

views 61

যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ আহ্বান

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত চলি থকা বিশ্ব গ্রন্থমেলাত কালি দুখন কিতাপ উন্মোচন কৰি অধ্যক্ষগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্ৰী বিৰলাই কয়, যে কিতাপে ব্যক্তিগত আৰু সামাজিক বিকাশৰ প্ৰকৃত পথ প্ৰদৰ্শকৰূপে কাম কৰি আহিছে। তেওঁ কয়, যে কিতাপ জ্ঞানৰ স্থায়ী অভিলেখাগাৰ আৰু কিতাপে ভৱিষ্যৎ প্ৰজন্মৰ বাবে অৱধাৰণা তথা ঐতিহ্য সংৰক্ষণ কৰে। অধ্যক্ষগৰাকীয়ে যুৱক-যুৱতীসকলক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে অনুপ্ৰে...

January 13, 2025 4:55 PM

views 65

ৰাষ্ট্রপতিৰ দেশবাসীলৈ মকৰ সংক্ৰান্তিৰ শুভেচ্ছা

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু গৃহমন্ত্রী অমিত শ্বাহে মাঘবিহু, লহৰী, মকৰ সংক্ৰান্তি আৰু পোংগল উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাত ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে কয়, যে এই উৎসৱবোৰ হৈছে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্রতীক। এই উৎসৱ দেশৰ জনসাধাৰণক অক্লান্তভাৱে খাদ্য শস্যৰ যোগান ধৰা কৃষকসকলৰ প্রতি কৃতজ্ঞতা জ্ঞাপনৰ সুযোগ বুলি ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ আশা প্রকাশ...

November 25, 2024 6:59 PM

views 72

সংবিধান দিৱসৰ পূৰ্বে আকাশবাণীৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংবিধানখন ৰাজনৈতিক সংকীৰ্ণ প্রিজমৰ মাজেৰে চাব নালাগে বুলি কৈ একাংশ পক্ষই সংবিধানক ভাবুকিৰ সন্মুখীন হোৱা বুলি উত্থাপন কৰা অভিযোগ নাকচ কৰিছে। কাইলৈ পালন কৰিবলগীয়া সংবিধান দিৱসৰ পূৰ্বে আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰী বিমলাই সংবিধানখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ আৰু সমাজৰ প্ৰতিটো শ্ৰেণীয়ে ইয়াৰ ওপৰত আস্থা ৰাখে বুলি মন্তব্য কৰে। তেওঁ কয়, যে সংবিধানখন দেশৰ ১৪০ কোটি জনসাধাৰণৰ পৱিত্ৰ গ্ৰন্থ আৰু ই হৈছে – সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ উৎস। সংবিধান দিৱসত সংবিধান সভাৰ...

November 16, 2024 6:20 PM

views 74

ভাৰতীয় নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে অতি স্বচ্চতাৰে কাম কৰি আছে আৰু ইয়াৰ বিশ্বাসযোগ্যতা তথা সত্যতাই এতিয়া বিশ্বজুৰি স্বীকৃতি লাভ কৰিছেঃ ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ কাৰ্যত আলোকপাত কৰি কয় যে ভাৰতীয় নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে অতি স্বচ্চতাৰে কাম কৰি আছে আৰু ইয়াৰ বিশ্বাসযোগ্যতা তথা সত্যতাই এতিয়া বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে। আজি নতুন দিল্লীত আয়োজিত চতুৰ্থ হিচাপ পৰীক্ষণ দিৱসত ভাষণ দি শ্ৰী বিৰলাই উল্লেখ কৰে যে ভাৰতীয় হিচাপ পৰীক্ষা ব্যৱস্থা অধ্যয়ণৰ বাবে বিভিন্ন দেশৰ লোক ভাৰতলৈ অহা তেওঁ প্ৰত্যক্ষ কৰিছিল। তেওঁ কয় যে এই দর্শনার্থীসকলে ভাৰতীয় ব্যৱস্থাৰ পৰা শিকে আৰু নিজৰ দেশত ইয়াক গ্ৰহণ কৰ...

November 5, 2024 8:43 PM

views 64

নতুন ফৌজদাৰী আইন ৩ খন সাম্প্রতিক সমাজৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হবলৈ সম্পূৰ্ণৰূপে সমৰ্থ: ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে নতুন ফৌজদাৰী আইন ৩ খন সাম্প্রতিক সমাজৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হবলৈ সম্পূৰ্ণৰূপে সমৰ্থ। তেওঁ কয় যে, সদন আৰু স্থায়ী কমিটিত বিশদ আলোচনাৰ অন্তত এই আইন ৩ খন গ্ৰহণ কৰা হৈছিল। নতুন দিল্লীৰ সংসদ ভৱন চৌহদত সাংবিধানিক আৰু সংসদীয় অধ্যয়ন প্রতিষ্ঠানে আয়োজন কৰা এটা অনুষ্ঠানত ৮৩ খন দেশৰ বিষয়াসকলক সম্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে জনসাধাৰণৰ ন্যায়পালিকাৰ প্ৰতি অগাধ বিশ্বাস আছে আৰু বিগত ৭৫ বছৰৰ যাত্ৰাত এই আস্থা অধিক শক্তিশালী হৈ উঠিছে। অধ্য...

October 13, 2024 9:00 PM

views 57

আন্তঃসংসদীয় সংঘৰ ১৪৯ সংখ্যক বৈঠকত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাষণ দিব

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজিৰে পৰা ১৭ অক্টোবৰলৈ জেনেভাত হ'বলগীয়া আন্তঃসংসদীয় সংঘ আই-পি-ইউৰ ১৪৯ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া সংসদীয় প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰিব। শ্রীবিৰলাই বৈঠকত শান্তিপূৰ্ণ আৰু বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱণৰ ব্যৱহাৰ সন্দৰ্ভত ভাষণ দিব। তেওঁ লগতে আন্তঃসংসদীয় সংঘৰ পৰিচালনা পৰিষদৰ বৈঠকত ভাগ ল'ব আৰু কাইলৈ জেনেভাত প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিব। ইয়াৰ উপৰি তেওঁ বৈঠকত ভাগ লোৱাৰ সুযোগতে অন্য দেশত সংসদৰ অধ্যক্ষ সকলকো দেখা কৰিব। বৈঠকত অংশগ্ৰহণ কৰিবলগীয়...