লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংবিধানখন ৰাজনৈতিক সংকীৰ্ণ প্রিজমৰ মাজেৰে চাব নালাগে বুলি কৈ একাংশ পক্ষই সংবিধানক ভাবুকিৰ সন্মুখীন হোৱা বুলি উত্থাপন কৰা অভিযোগ নাকচ কৰিছে। কাইলৈ পালন কৰিবলগীয়া সংবিধান দিৱসৰ পূৰ্বে আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰী বিমলাই সংবিধানখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ আৰু সমাজৰ প্ৰতিটো শ্ৰেণীয়ে ইয়াৰ ওপৰত আস্থা ৰাখে বুলি মন্তব্য কৰে। তেওঁ কয়, যে সংবিধানখন দেশৰ ১৪০ কোটি জনসাধাৰণৰ পৱিত্ৰ গ্ৰন্থ আৰু ই হৈছে – সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ উৎস। সংবিধান দিৱসত সংবিধান সভাৰ বিতৰ্ক আৰু আলোচনাৰ পৰা প্ৰেৰণা লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত অধ্যক্ষগৰাকীয়ে আলোকপাত কৰে। সংৰক্ষণৰ বিষয়টো সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত শ্ৰী বিৰলাই কয়, যে ৰাজনৈতিক দলসমূহে অভিযোগ উত্থাপন কৰিব পাৰে কিন্তু চৰকাৰে সংৰক্ষণ ব্যৱস্থাত কেতিয়াও খেলিমেলি কৰাৰ চেষ্টা কৰা নাই। – শ্রোতাসকলে ১০০ দশমিক ১ এফ এম গোল্ডৰ আকাশবাণী নিউজৰ ‘সুৰখিয়া’ অনুষ্ঠানত সন্ধিয়া ৭ বাজি ১০ মিনিটত এই সম্পূর্ণ সাক্ষাৎকাৰ শুনিব পাৰিব ।
Assamese | November 25, 2024 6:59 PM | Om Birla
সংবিধান দিৱসৰ পূৰ্বে আকাশবাণীৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ ওম বিৰলাৰ