ভাৰতে সদায় আইনৰ শাসন, গোলকীয় সহযোগিতা আৰু বিশ্ব পৰ্যায়ত আলোচনাৰ পোষকতা কৰি আহিছে বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰিছে। ব্ৰাজিলৰ ব্ৰাছিলিয়াত অনুষ্ঠিত ব্ৰিকছ সংসদীয় মঞ্চৰ একাদশ বৈঠকত অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰাৰ পাছত এটা ভিডিঅ‘ শ্বেয়াৰ কৰি শ্ৰী বিৰলাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে বৈঠকত অর্থবহন আলোচনা আৰু মত বিনিময় হয়। বৈঠকত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত সংসদীয় সহযোগিতা সুদৃঢ় কৰাৰ যৌথ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰাৰ লগতে কৃত্রিম বুদ্ধিমত্তা প্ৰযুক্তিৰ প্ৰসাৰ আৰু অৰ্থনৈতিক বিষয় সন্দৰ্ভত যৌথভাৱে কাম কৰাক লৈ আলোচনা কৰা হয় বুলি শ্ৰী বিৰলাই মন্তব্য কৰে। তেওঁ কয়, যে ব্ৰিকছ ৰাষ্ট্ৰসমূহে পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক গৰিহণা দিয়ে আৰু যৌথ প্ৰচেষ্টাৰ জৰিয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণৰ আৱশ্যকতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে ৷ শ্ৰী বিৰলাই কয়, যে ভাৰতে পৰৱৰ্তী ব্ৰিকছ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিব আৰু অৰ্থনৈতিক, সামাজিক, বাণিজ্যিক, কৃত্রিম বুদ্ধিমত্ত আৰু অন্য গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিব। ভাৰতে এই শীৰ্ষ সন্মিলনৰ সফল আৰু ফলপ্রসূ আয়োজন সুনিশ্চিত কৰিব বুলি তেওঁ প্ৰকাশ কৰে ।
Assamese | June 7, 2025 8:28 PM | Om Birla
ভাৰতে সদায় আইনৰ শাসন, গোলকীয় সহযোগিতা আৰু বিশ্ব পৰ্যায়ত আলোচনাৰ পোষকতা কৰি আহিছে বুলি ওম বিৰলাৰ প্ৰকাশ