লোকসভাৰ অধ্যক্ষ ওম বিৰলাই চণ্ডীগড়ত আজি হাৰিয়ানা বিধানসভাৰ সদস্যসকলৰ বাবে সংসদীয় গণতান্ত্রিক গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত আয়োজন কৰা অৰিয়েণ্টেচন কাৰ্যসূচী মুকলি কৰে। হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণ, উপাধ্যক্ষ কৃষ্ণা সিদ্ধা, মুখ্যমন্ত্রী নাইব সিং ছাইনী, উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ সতীশ মাহানা, হাৰিয়ানা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ জ্ঞান চান্দ গুপ্তা আৰু কংগ্ৰেছৰ বিধায়ক ভাৰত ভূষণ বাট্টাও এই অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত থাকি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নাইব সিং ছাইনীয়ে কয় যে এয়া এটা গৌৰৱময় মুহূৰ্ত আৰু বিধানপালিকা গণতন্ত্ৰৰ শক্তিশালী স্তম্ভ। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁৰ ভাষণত সংসদীয় ব্যৱস্থাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। অনুষ্ঠানত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ সতীশ মাহানা, হাৰিয়ানা বিধানসভাৰ উপাধ্যক্ষ কৃষ্ণা মিদ্ধা আৰু কংগ্ৰেছৰ বিধায়ক ভাৰত ভূষণ বাট্রাইও ভাষণ দিয়ে।
Assamese | February 14, 2025 8:54 PM | Akashvani News | Loksabha | Om Birla
চণ্ডীগড়ত অৰিয়েণ্টেচন কাৰ্যসূচী মুকলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ