October 19, 2026 11:52 AM | Dr. S Jaishankar | অ

printer

ইউ এ ইৰ বিদেশ মন্ত্রীক আজি সাক্ষাৎ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি মুম্বাইত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিদেশ মন্ত্রী শ্বেখ আব্দুল্লা বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব। বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয়, যে সংযুক্ত আৰৱ আমিৰিৰ বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰত-ইউ এ ই ব্যাপক কৌশলগত অংশীদাৰিত্বৰ অধীনত দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ পর্যালোচনাৰ সুযোগ দিব। দুয়ো পক্ষই শক্তি, বাণিজ্য আৰু বিনিয়োগ, ফিনটেক, প্রতিৰক্ষা আৰু যোগাযোগ খণ্ডক আগবঢ়াই নিয়াৰ বিষয়ত আলোচনা কৰিব। মুখপাত্ৰগৰাকীয়ে কয় যে ড০ জয়শংকৰে কাইলৈ মুম্বাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্রী মার্ক’ কবিঅ’ৰ সেতেও আলোচনাত মিলিত হ’ব। ড০ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰিব। আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীৰ ভ্রমণে দেশ দুখনৰ মাজৰ সম্পৰ্কৰ পৰ্যালোচনা আৰু ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উপায় সন্দর্ভত আলোচনাৰ সুযোগ প্রদান কৰিব বুলি মন্ত্রালয়ৰ মুখপাত্র শ্রীজয়ছোৱালে উল্লেখ কৰে। তেওঁ লগতে কয়, যে দুয়োপক্ষই বাণিজ্য আৰু বিনিয়োগ, শক্তি, প্রতিৰক্ষা, গুৰুত্বপূৰ্ণ আৰু উন্নত প্রযুক্তি তথা পাৰস্পৰিক স্বার্থ সম্বলিত অন্যান্য বিষয়কে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ মুখ্য ক্ষেত্ৰসমূহত আলোচনা কৰাৰ সম্ভাৱনা আছে। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰিব।