October 19, 2026 11:52 AM

views 2

ইউ এ ইৰ বিদেশ মন্ত্রীক আজি সাক্ষাৎ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি মুম্বাইত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিদেশ মন্ত্রী শ্বেখ আব্দুল্লা বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব। বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয়, যে সংযুক্ত আৰৱ আমিৰিৰ বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰত-ইউ এ ই ব্যাপক কৌশলগত অংশীদাৰিত্বৰ অধীনত দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ পর্যালোচনাৰ সুযোগ দিব। দুয়ো পক্ষই শক্তি, বাণিজ্য আৰু বিনিয়োগ, ফিনটেক, প্রতিৰক্ষা আৰু যোগাযোগ খণ্ডক আগবঢ়াই নিয়াৰ বিষয়ত আলোচনা কৰিব। মুখপাত্ৰগৰাকীয়...