October 19, 2026 12:58 PM | Assam CM Tweet

printer

ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকক অর্থনৈতিকভাৱে স্বাৱলম্বীৰ লক্ষ্যৰে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ

ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে শেহতীয়াকৈ ভালেসংখ্যক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই বিষয়ে প্ৰকাশ কৰি কয়, যে কৃষকসকলৰ বাবে ঋণ লাভৰ সুবিধা বৃদ্ধি, কৃষি আন্তঃগাঁথনিৰ উন্নয়ন আৰু বজাৰৰ সৈতে কৃষিৰ সংযোগ সুদৃঢ় কৰাকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে ৰিজ’লিউচন ফ্রেম ৱৰ্কৰ অধীনত ৩ লাখ ৪৯ হাজাৰ কিষাণ ক্রেডিট কার্ড একাউণ্টৰ লক্ষ্য লোৱা হৈছে আৰু এই ব্যৱস্থাৰ অধীনত এহেজাৰ ৭৪১.১৫ কোটি টকাৰ ঋণ সামৰি লোৱা হৈছে। ঋণ নিষ্পত্তিৰ ব্যয় চৰকাৰ, কৃষক আৰু বেংকৰ মাজত ভাগ কৰা হৈছে বুলি উল্লেখ কৰি ড০ শর্মাই বকেয়া ঋণ নিষ্পত্তিৰ জৰিয়তে যোগ্য কৃষকক পুনৰ প্ৰতিষ্ঠানিক ঋণ লাভৰ সুবিধা প্ৰদান কৰা হৈছে বুলি প্রকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষকৰ বাবে উন্নত আন্তঃগাঁথনিৰ প্ৰসংগত ৰাজ্যত দুহেজাৰ ৫০ কোটি টকাৰ কৃষি আন্তঃগাঁথনি পুঁজিৰ লক্ষ্য নির্ধাৰণৰ কথা জানিবলৈ দিয়ে। তেওঁ লগতে আলু খেতিয়কসকলৰ উৎপাদন বৃদ্ধি আৰু কৃষিক অধিক লাভজনক কৰাৰ লক্ষ্যৰে পেপচিকো কোম্পানী আৰু বেংকৰ মাজত সহযোগিতাৰ ক্ষেত্ৰত বিশেষ ব্যবস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে।