October 19, 2026 1:07 PM | Mahastami

printer

শাৰদীয় দুর্গোৎসৱৰ আজি মহা অষ্টমী

শাৰদীয় দুর্গোৎসৱৰ আজি মহা অষ্টমী। আজি দেবীক মহাগৌৰীৰ ৰূপত পূজা-অর্চনা কৰা হৈছে। আজি পুৱাতেই মহাষ্টমীৰ পূজা আৰম্ভ হোৱাৰ বাবে পূজা মণ্ডপসমূহত নিচেই পুৱাৰেপৰা অগণন ভক্তৰ সমাগম হৈছে। ৰাজ্যৰ প্ৰতিখন পূজাথলীতে পৱিত্ৰ মন্ত্রপাঠ, আৰতি, ধূপ-দীপ আৰু মংগলধ্বনিৰে মনোমোহা পৰিৱেশৰ সৃষ্টি হৈছে। দেৱীৰ মহাগৌৰীৰূপে পৱিত্ৰতা, আধ্যাত্মিকতা আৰু গভীৰ সংযমক প্রতিনিধিত্ব কৰে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্রান্তে প্রান্তে আধুনিক পূজা মণ্ডপৰ বৰ্ণিল আলোক সজ্জা আৰু অসমৰ প্ৰাচীন দৌল-দেৱালসমূহত পৰম্পৰাগতভাৱে দুর্গা পূজা পালন কৰা হৈছে। সমগ্র অসমত ৯ হাজাৰৰো অধিক পূজা মণ্ডপত দেৱী দুর্গাক আৰাধনা কৰা হৈছে। গুৱাহাটী মহানগৰীৰ ৬ শতাধিক পূজা মণ্ডপত দেবী দুর্গাৰ আৰাধনাৰ বাবে অগণন ভক্তৰ সমাগম হৈছে। গুৱাহাটীৰ ভাস্কৰ নগৰ, বিষ্ণুপুৰ, পাণ্ডু, বেলতলাকে ধৰি কেইবাটাও স্থানত আটকধুনীয়া আৰু ব্যতিক্রমী পূজা মণ্ডপে সকলোকে আকৰ্ষণ কৰিছে। গুৱাহাটীৰ উগ্ৰতাৰা আৰু ছত্রাকাৰ দেৱালয়ৰ লগতে উত্তৰ গুৱাহাটীৰ দীর্ঘেশ্বৰী দেৱালয়তো পৰম্পৰাগতভাবে দেবীক আৰাধনা কৰা হৈছে। গোৱালপাৰা জিলাত দুর্গতিনাশিনী দেৱী দুর্গাক আৰাধনাৰ বাবে ১৪৩ খন পূজা মণ্ডপত পূজা অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয় আৰু জয়ভূম কামাখ্যা মন্দিৰ অন্যতম।

বাক্সা জিলাতো পৰম্পৰাগত ৰীতি-নীতি আৰু ধর্মীয় আস্থা বৰ্তাই ৰাখি দুর্গা পূজা উদযাপন কৰা হৈছে। জিলাখনৰ শালবাৰীৰ এখন দুর্গা পূজা মণ্ডপত বড়ো জনগোষ্ঠীয় ৰীতি নীতিৰে পূজা সম্পন্ন হৈছে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰলৈ গৈ ৮ খন দুর্গা পূজা মণ্ডপত দেৱীৰ আশীষ লয়। তেওঁ ইতিহাসপ্রসিদ্ধ কাঁচাকান্তি মন্দিৰৰ লগতে ৰামকৃষ্ণ মিছন সেৱাশ্ৰমতো পূজা-অর্চনা কৰে। ইপিনে, ৰাজ্যৰ প্ৰতিখন জিলা প্রশাসনে পূজাৰ সময়ছোৱাত শান্তি-শৃংখলা অটুত ৰখাৰ লগতে নিয়াৰিকৈ পূজা পালনৰ বাবে সকলো প্রচেষ্টা অব্যাহত ৰাখিছে। যোৰহাট জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে কালি পূজা মণ্ডপসমূহ পৰিদৰ্শন কৰি বিভিন্ন দিশ পর্যালোচনা কৰে। আয়ুক্ত জয় শিৱানী আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্রজ্যোতি বৰাই শীর্ষ বিষয়াসকলৰ সৈতে পূজা সমিতিসমূহৰ কৰ্ম-কর্তাসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁলোকে জনসাধাৰণৰ সুৰক্ষা, যান জট নিয়ন্ত্ৰণ আৰু দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়।