October 19, 2026 1:07 PM
5
শাৰদীয় দুর্গোৎসৱৰ আজি মহা অষ্টমী
শাৰদীয় দুর্গোৎসৱৰ আজি মহা অষ্টমী। আজি দেবীক মহাগৌৰীৰ ৰূপত পূজা-অর্চনা কৰা হৈছে। আজি পুৱাতেই মহাষ্টমীৰ পূজা আৰম্ভ হোৱাৰ বাবে পূজা মণ্ডপসমূহত নিচেই পুৱাৰেপৰা অগণন ভক্তৰ সমাগম হৈছে। ৰাজ্যৰ প্ৰতিখন পূজাথলীতে পৱিত্ৰ মন্ত্রপাঠ, আৰতি, ধূপ-দীপ আৰু মংগলধ্বনিৰে মনোমোহা পৰিৱেশৰ সৃষ্টি হৈছে। দেৱীৰ মহাগৌৰীৰূপে পৱিত্ৰতা, আধ্যাত্মিকতা আৰু গভীৰ সংযমক প্রতিনিধিত্ব কৰে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্রান্তে প্রান্তে আধুনিক পূজা মণ্ডপৰ বৰ্ণিল আলোক সজ্জা আৰু অসমৰ প্ৰাচীন দৌল-দেৱালসমূহত পৰম্পৰাগতভাৱে দুর্গা পূজা পা...