লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত চলি থকা বিশ্ব গ্রন্থমেলাত কালি দুখন কিতাপ উন্মোচন কৰি অধ্যক্ষগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্ৰী বিৰলাই কয়, যে কিতাপে ব্যক্তিগত আৰু সামাজিক বিকাশৰ প্ৰকৃত পথ প্ৰদৰ্শকৰূপে কাম কৰি আহিছে। তেওঁ কয়, যে কিতাপ জ্ঞানৰ স্থায়ী অভিলেখাগাৰ আৰু কিতাপে ভৱিষ্যৎ প্ৰজন্মৰ বাবে অৱধাৰণা তথা ঐতিহ্য সংৰক্ষণ কৰে। অধ্যক্ষগৰাকীয়ে যুৱক-যুৱতীসকলক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হিচাপে গ্ৰন্থক আকোৱালি ল’বলৈ আহ্বান জনায়।
Assamese | February 9, 2025 11:08 AM | Om Birla | World Book Fair
যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ আহ্বান