February 9, 2025 6:58 PM

views 72

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৫২ সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ সামৰণি

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৫২ সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। নেচনেল বুক ট্রাষ্ট আৰু ইণ্ডিয়া ট্রেড প্ৰমোচন সংস্থাই যুটীয়াভাৱে আয়োজন কৰা ৯ দিনীয়া এই গ্ৰন্থমেলা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উন্মোচন কৰিছিল। এই গ্রন্থমেলাত ফ্রান্স, আর্জেন্টিনা, স্পেইন, কলম্বিয়াকে ধৰি ৫০ খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, বিশ্ব গ্রন্থমেলাত কালি দুখন কিতাপ উন্মোচন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনসাধাৰণক, বিশেষকৈ যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আ...

February 9, 2025 11:08 AM

views 59

যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ আহ্বান

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত চলি থকা বিশ্ব গ্রন্থমেলাত কালি দুখন কিতাপ উন্মোচন কৰি অধ্যক্ষগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্ৰী বিৰলাই কয়, যে কিতাপে ব্যক্তিগত আৰু সামাজিক বিকাশৰ প্ৰকৃত পথ প্ৰদৰ্শকৰূপে কাম কৰি আহিছে। তেওঁ কয়, যে কিতাপ জ্ঞানৰ স্থায়ী অভিলেখাগাৰ আৰু কিতাপে ভৱিষ্যৎ প্ৰজন্মৰ বাবে অৱধাৰণা তথা ঐতিহ্য সংৰক্ষণ কৰে। অধ্যক্ষগৰাকীয়ে যুৱক-যুৱতীসকলক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে অনুপ্ৰে...

February 1, 2025 7:57 PM

views 57

নতুন দিল্লীত বিশ্ব গ্রন্থমেলা মুকলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

কিতাপ পঢ়া মাথো অভিৰুচিয়ে নহয়, বৰং পৰিৱৰ্তনকাৰী অভিজ্ঞতা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি নতুন দিল্লী বিশ্ব গ্রন্থমেলা মুকলি কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ভিন ভিন ভাষা-সংস্কৃতিৰ গ্ৰন্থ পঢ়াৰ অভ্যাসে অঞ্চল আৰু সম্প্ৰদায়ৰ মাজত সেতু গঢ়ি তোলে। তেওঁ লগতে শিশুৰ বাবে কিতাপৰ ৰচনা আৰু প্ৰসাৰত গুৰুত্ব আৰোপ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। শৈশৱতে শিশুৰ মাজত গঢ়ি তুলিব পৰা ভাল অভ্যাসসমূহৰ ভিতৰত গ্ৰন্থৰ প্ৰতি ভালপোৱা অন্যতম বুলি শ্ৰীমতী মুৰ্মুৱে মন্তব...