নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৫২ সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। নেচনেল বুক ট্রাষ্ট আৰু ইণ্ডিয়া ট্রেড প্ৰমোচন সংস্থাই যুটীয়াভাৱে আয়োজন কৰা ৯ দিনীয়া এই গ্ৰন্থমেলা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উন্মোচন কৰিছিল। এই গ্রন্থমেলাত ফ্রান্স, আর্জেন্টিনা, স্পেইন, কলম্বিয়াকে ধৰি ৫০ খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, বিশ্ব গ্রন্থমেলাত কালি দুখন কিতাপ উন্মোচন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনসাধাৰণক, বিশেষকৈ যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনায়। শ্রী বিৰলাই কয়, যে কিতাপে ব্যক্তিগত আৰু সামাজিক বিকাশৰ প্ৰকৃত পথ প্ৰদৰ্শকৰূপে কাম কৰি আহিছে। তেওঁ কয়, যে কিতাপ জ্ঞানৰ স্থায়ী অভিলেখাগাৰ আৰু কিতাপে ভৱিষ্যৎ প্ৰজন্মৰ বাবে অৱধাৰণা তথা ঐতিহ্যৰ সংৰক্ষণ কৰে। অধ্যক্ষগৰাকীয়ে যুৱক-যুৱতীসকলক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হিচাপে গ্ৰন্থক আকোৱালি ল’বলৈ আহ্বান জনায়।
Assamese | February 9, 2025 6:58 PM | World Book Fair
নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৫২ সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ সামৰণি