কিতাপ পঢ়া মাথো অভিৰুচিয়ে নহয়, বৰং পৰিৱৰ্তনকাৰী অভিজ্ঞতা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি নতুন দিল্লী বিশ্ব গ্রন্থমেলা মুকলি কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ভিন ভিন ভাষা-সংস্কৃতিৰ গ্ৰন্থ পঢ়াৰ অভ্যাসে অঞ্চল আৰু সম্প্ৰদায়ৰ মাজত সেতু গঢ়ি তোলে। তেওঁ লগতে শিশুৰ বাবে কিতাপৰ ৰচনা আৰু প্ৰসাৰত গুৰুত্ব আৰোপ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। শৈশৱতে শিশুৰ মাজত গঢ়ি তুলিব পৰা ভাল অভ্যাসসমূহৰ ভিতৰত গ্ৰন্থৰ প্ৰতি ভালপোৱা অন্যতম বুলি শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে। নেচনেল বুক ট্রাষ্ট আৰু শিক্ষা মন্ত্ৰ্যালয়ে বিগত ৫ বছৰ ধৰি নতুন দিল্লী বিশ্ব গ্ৰন্থমেলাৰ আয়োজন কৰি আহিছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কিতাপ পঢ়াৰ সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা অৱদানৰ ভূয়শী প্ৰশংসা কৰে।
Assamese | February 1, 2025 7:57 PM | World Book Fair
নতুন দিল্লীত বিশ্ব গ্রন্থমেলা মুকলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ