কমনৱেল্থ সংসদীয় সংস্থা, চি পি এ-ৰ ZONE-2 সন্মিলনত অংশ লোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কিছু সময় পূর্বে চণ্ডীগড়ত উপস্থিত হয়।
তেওঁ হাৰিয়ানাৰ লোকভৱনত ৰাজ্যপাল অসীম কুমাৰ ঘোষক সাক্ষাৎ কৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। উল্লেখযোগ্য যে হাৰিয়ানা বিধানসভাই এই সন্মিলনৰ আয়োজন কৰিছে।
ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াৱ সিং ছাইনী, হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণ, দেশৰ ১৫ খন বিধানসভাৰ প্রিজাইডিং বিষয়া তথা বিধানসভাৰ সদস্যসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব।
সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যানে ভাষণ দিব। অনুষ্ঠানত হাৰিয়ানাৰ ইতিহাস আৰু বিকাশক সামৰি এখন বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ’ব।
ইয়াৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নায়াৱ সিং ছাইনীয়ে ভাষণ দিব।