আন্তঃৰাষ্ট্রীয় সংসদীয় গণতন্ত্র নাইবা সংসদীয়তাবাদ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিশ্বৰ গণতান্ত্রিক সংগঠনৰ সকলো নির্বাচিত প্রতিনিধিলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বার্তাযোগে শ্রী বিৰলাই কয়, যে জনসাধাৰণৰ অভিলাষ পূৰণ, অধিকাব ৰক্ষা আৰু আস্থা অর্জনব ক্ষেত্রত সংসদসমূহ সর্বোচ্চ প্রতিষ্ঠান হিচাপে বিবেচিত হৈ আহিছে। এই প্রতিষ্ঠানসমূহতে দেশৰ কল্যাণৰ বাবে বিভিন্ন ধাৰণাৰ উন্মেষ ঘটে, নীতি-নির্ধাৰণ কৰা হয় আৰু দেশৰ ভবিষ্যতৰ বাবে পৰিকল্পনা কৰা হয়। শক্তিশালী স্বতন্ত্র আক জবাবদিহি সংসদীয় ব্যৱস্থাই গণতন্ত্রৰ প্রকৃত শক্তি আৰু নাগৰিকৰ অধিকাৰ বক্ষাৰ অভিভাৱক সদৃশ বুলিও শ্রী বিৰলাই প্রকাশ কবে। অধ্যক্ষগৰাকীয়ে কয়, যে ভাৰতীয় সংসদে বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ব্যৱস্থাক প্রতিনিধিত্ব কৰাৰ লগতে সংবিধানৰ মহত্ব, গণতান্ত্রিক পৰম্পৰা আৰু জনপ্রতিনিধিত্বকো প্রতিফলিত কৰে। বৈচিত্ৰ্যৰে পৰিপূর্ণ ভাৰতবৰ্ষৰ সংসদ, বাস্তৱ একতা, সামাজিক সম্প্রীতি, সাংবিধানিক প্রমূল্য আৰু জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলো শ্রেণীৰ লোকৰ শক্তিশালী কণ্ঠ বুলি তেওঁ মন্তব্য কৰে। সম্প্রীতি সময়ত সংসদৰ ভূমিকা কেৱল নীতি-নির্ধাবণত সীমাবদ্ধ নহয়, বৰং চৰকাৰৰ দায়বদ্ধতা নিশ্চিত কৰা আৰু গণতান্ত্রিক প্রতিষ্ঠানৰ মর্যাদা ৰক্ষা কৰি জনসাধাৰণৰ স্বার্থ সুৰক্ষিত কৰা বুলিও তেওঁ উল্লেখ কৰে। আজি এই দিৱস উদযাপনে সংসদৰ এই দায়িত্বৰ প্রতি সকলো প্রতিনিধিৰ মনত সজাগতাৰ সৃষ্টি কৰিব বুলি তেওঁ প্রকাশ কৰে।
Assamese | June 30, 2026 1:28 PM | Om Birla
বিশ্বৰ গণতান্ত্রিক সংগঠনৰ সকলো নির্বাচিত প্রতিনিধিলৈ ওম বিৰলাৰ অভিনন্দন