নিউজিলেণ্ডৰ গ্ৰাম্য সম্প্রদায় মন্ত্ৰী মার্ক পেটাৰ্ছনৰ নেতৃত্বত এটা প্ৰতিনিধি দলে আজি নতুন দিল্লীৰ পাৰ্লিয়ামেণ্ট হাউচত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্রীবিৰলাই কয় যে এই বৈঠকত সংসদীয় বিনিময় সুদৃঢ় কৰা আৰু ভাৰত আৰু নিউজিলেণ্ডৰ ঐতিহাসিক সম্পৰ্ক আৰু অধিক সমৃদ্ধিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
শ্রীবিৰলাই কয় যে পার্লিয়ামেণ্ট হাউচত নিউজিলেণ্ডৰ প্ৰতিনিধি দলৰ ভ্ৰমণৰ সময়ত তেওঁলোকক ভাৰতৰ প্ৰাণৱন্ত সংসদীয় গণতন্ত্র, সমৃদ্ধ গণতান্ত্ৰিক পৰম্পৰা আদিৰ বিষয়ে পৰিচয় কৰোৱা হয়৷