- লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, যে বিকশিত ভাৰত ২০৪৭ৰ দৰ্শন জনসাধাৰণৰ অংশগ্রহণ, উদ্ভাৱন, উদ্যোগ আৰু সামূহিক সংকল্পৰ জৰিয়তেহে অনুধাৱন কৰিব পাৰি। নতুন দিল্লীত কালি এখন সন্মিলনত অংশ লৈ শ্ৰীবিৰলাই কয়, যে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ উন্নয়ন সুনিশ্চিত কৰাৰ বাবে উদ্যোগ আৰু ৰাষ্ট্ৰ নিৰ্মাণ একেসময়তে আগবাঢ়িব লাগিব। উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশত ভাৰতৰ যাত্রা সর্বাংগীণ বিকাশ, সামাজিক দায়বদ্ধতা আৰু নাগৰিকৰ সক্ৰিয় অংশগ্রহণেৰে প্ৰভাৱান্বিত হোৱাটো প্রয়োজন বুলি লোকসভাৰ অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। দেশৰ ভৱিষ্যত নিৰ্মাণত যুৱচামৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰি শ্ৰীবিৰলাই কয়, যে শিক্ষিত, দক্ষতা সম্পন্ন আৰু প্ৰযুক্তিৰ জ্ঞান সম্বলিত যুৱচামে বিকশিত ভাৰত ২০৪৭ৰ মূল শক্তি গঢ়ি তুলিছে। তেওঁ যুৱপ্ৰজন্মক উদ্ভাৱন, কৃত্রিম বুদ্ধিমত্তা আৰু উন্নত প্ৰযুক্তিৰ সহায়েৰে ভাৰতক বিশ্বনেতা হিচাপে প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাবলৈ আহ্বান জনায়।
Assamese | June 8, 2026 12:22 PM | Om Birla
বিকশিত ভাৰত ২০৪৭ৰ দৰ্শন জনসাধাৰণৰ অংশগ্রহণ, উদ্ভাৱন, উদ্যোগ আৰু সামূহিক সংকল্পৰ জৰিয়তেহে অনুধাৱন কৰিব পাৰি বুলি ওম বিৰলাৰ প্ৰকাশ