July 3, 2026 11:15 AM | Om Birla

printer

আজি পশ্চিমবংগ বিধানসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলৰ বাবে আয়োজিত দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচী ওম বিৰলাৰ উদ্বোধন

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কলকাতাত পশ্চিমবংগ বিধানসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলৰ বাবে আয়োজিত দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰিব। নৱ-নির্বাচিত বিধায়কসকলক সংসদীয় কার্যপ্রণালী, সমিতি ব্যবস্থা, বিত্তীয় তদাৰকী আৰু ডিজিটেল ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহৰ সৈতে অৱগত কৰোৱাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। লোকসভা সচিবালয়ে প্ৰকাশ কৰা অনুসৰি, এই অনুষ্ঠানে জনপ্রতিনিধি আৰু সংসদীয় বিশেষজ্ঞসকলৰ মাজত অভিজ্ঞতা বিনিময়ৰ এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব। দুদিনীয়া এই কাৰ্যসূচীত এগৰাকী দক্ষ বিধায়কৰ কৰ্তব্য আৰু আচাৰ-আচৰণ সম্পৰ্কীয় কেইবাটাও কাৰিকৰী অধিৱেশন অন্তর্ভুক্ত কৰা হৈছে ।

উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু পশ্চিমবংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা।