নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্রীকছ শীর্ষ সম্মিলনৰ আজি সামৰণি পৰে। শীর্ষ সম্মিলনখনৰ অন্তিম দিনা অনুষ্ঠিত মুকলি অধিৱেশনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে।
মহামাৰী, জলবায়ু বিপর্যয় আৰু যোগান শৃংখলাৰ বাধাৰ পৰা বৰ্তমানৰ পৰস্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপর্যয়ে যে মাত্র এটা অঞ্চলত সীমাবদ্ধ হৈ নাথাকে সেয়া স্পষ্ট হৈ পৰা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
তেওঁ কয়, যে ব্ৰীকছ ৰাষ্টসমূহে এনেধৰণৰ স্থিতিৰ কথা বিবেচনা কৰিয়ে ৰাষ্ট্ৰগোষ্ঠীটোৰ মাজত স্থিতিস্থাপক আৰু বিপৰ্যয়ৰ সম্মুখীন হোৱাৰ সামৰ্থ বৃদ্ধিত গুৰুত্ব আৰোপ কৰি আহিছে। স্থিতিস্থাপকতা, উদ্ভাবন, সহযোগিতা আৰু বহনক্ষমতা বিষয়ক এই অধিৱেশনত শ্রী মোদীয়ে সঠিক সময়ত প্রত্যাহ্বানৰ চিনাক্তকৰণ, প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুতি আৰু তাৎক্ষণিক ব্যৱস্থা গ্রহণত গুৰুত্ব আৰোপ কৰে।
সংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু এনে ৰোগ নিয়ন্ত্ৰণৰ বাবে ল’বলগীয়া ব্যৱস্থাৰ বাবে ব্ৰীকছ সংহত আগতীয়া সতর্ক প্রণালী সন্দৰ্ভত সহমতত উপনীত হোৱা বুলি শ্রী মোদীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে দুর্যোগ ব্যৱস্থাপনাৰ বাবে আগতীয়া সতর্কতা তথ্য একত্ৰীকৰণৰ নীতি-নির্দেশনা প্ৰস্তুত কৰা হৈছে।
শ্রী মোদীয়ে লগতে প্রযুক্তি আৰু ৰাষ্ট্ৰৰ সুৰক্ষা, আধুনিক অর্থনীতি তথা শক্তি আন্তঃগাঁথনিৰ বাবে প্রয়োজনীয় গুৰুত্বপূৰ্ণ খনিজ পদার্থসমূহৰ অস্ত্ৰৰ দৰে ব্যৱহাৰে প্ৰগতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি সকীয়াই দিয়ে। ব্রীকছ ৰাষ্ট্ৰসমূহে প্রযুক্তি আকোৱালি লোৱাৰ ক্ষেত্ৰত সৰ্বাত্মক দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি আহিছে বুলি শ্রী মোদীয়ে উল্লেখ কৰে।
ইয়াৰ পূৰ্বে প্রধানমন্ত্রী মোদীয়ে ব্রীকছ সম্মিলনৰ আজি দ্বিতীয় তথা অন্তিম দিনা ব্রীকছ সহযোগী দেশসমূহৰ নেতাসকলক আদৰণি জনায়। এই নেতাসকলৰ ভিতৰত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী অনৱৰ ইব্রাহিম, ভিয়েটনামৰ প্রধানমন্ত্রী লে মিনহ হুং, চৌদি আৰৱৰ বিদেশ মন্ত্রী ফেইচল বিন ফৰহান আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এন্টনিঅ গুটৰচ অন্যতম।