ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে বিগত বৰ্ষৰ ২২ এপ্ৰিলৰ জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে। এটা যুটীয়া বিবৃতিত ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে সকলো প্ৰকাৰৰ সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পৰ কথা দোহাৰে।
নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ব্রীকচ ৰাষ্টগোষ্ঠীৰ অষ্টাদশ সন্মিলনৰ কালি প্রথম দিনা সর্বসম্মতিক্রমে গৃহীত নতুন দিল্লী ঘোষণা পত্রত সকলো প্ৰকাৰৰ সন্ত্রাসবাদেই অপৰাধ আৰু ইয়াৰ সপক্ষে কোনো যুক্তি থাকিব নোৱাৰে বুলি উল্লেখ কৰা হৈছে।
ব্রীকচৰ নেতাসকলে সদস্য ৰাষ্ট্ৰসমূহক সন্ত্রাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি নিশ্চিত কৰিবলৈ আৰু এই ক্ষেত্ৰত দ্বৈত স্থিতি পৰিহাৰ কৰিবলৈ আহ্বান জনায়। নেতাসকলে লগতে পশ্চিম এছিয়াৰ বৰ্ধিত উত্তেজনাৰ বিষয়ত উদ্বেগ প্রকাশ কৰি পৰিস্থিতি যাতে অধিক বেয়াৰ ফালে নাযায় তাৰবাবে যিমান পাৰি সংযম বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।
ইপিনে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সন্মিলনত তেওঁৰ সামৰণি মন্তব্যত কয় যে নতুন দিল্লী ঘোষণা পত্রই সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সংকল্পক স্পষ্ট দিশ প্ৰদৰ্শন কৰিব। তেওঁ কয় যে এতিয়া এই প্রস্তাবসমূহক দৃঢ় ফলাফললৈ ৰূপান্তৰিত কৰাটো সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া দায়িত্ব।
ইয়াৰ পূৰ্বে সর্বাত্মক গোলকীয় প্ৰশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ সম্পৰ্কীয় সত্রত উদ্বোধনী ভাষণ দি শ্রীমোদীয়ে প্ৰতিবছৰে অধ্যক্ষৰ দায়িত্বত থকা ৰাষ্ট্ৰ সলনি হোৱা সত্তেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে ব্ৰীকচৰ নিৰন্তৰতা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে।