August 4, 2026 8:09 PM | Bricks Meeting

printer

হায়দৰাবাদত আজিৰে পৰা দুদিনীয়া ব্ৰীকচ্‌ৰ দূৰ্নীতি নিবাৰক কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত

হায়দৰাবাদত আজিৰে পৰা দুদিনীয়া ব্ৰীকচ্‌ৰ দূৰ্নীতি নিবাৰক কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছে। দুদিনীয়া বৈঠকত সম্পত্তি উদ্ধাৰৰ ওপৰত ব্ৰীকচ্ বিশেষজ্ঞ গোটৰ দ্বিতীয়খন বৈঠক অন্তৰ্ভুক্ত কৰা হয়। উদ্বোধনী অধিবেশনত মুখ্য অতিথি হিচাপে ভাৰত চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ সচিব ৰশ্না শ্বাহে প্রতিনিধিসকলক সম্বোধন কৰি পলাতক বিচাৰি উলিওৱা, প্ৰত্যাপনৰ সমৰ্থন, চুৰি সম্পত্তি উদ্ধাৰ আৰু অপৰাধী আৰু অবৈধ ধনৰ সীমা অতিক্ৰম কৰি চলাচল কৰিব পৰা সুৰুঙা বন্ধ কৰাৰ বাবে অধিক সহযোগিতাৰ আহ্বান জনায়। বহনক্ষম আৰু সৰ্বাঙ্গীন বিকাশৰ বাবে দূর্নীতি সদায় এটা প্ৰত্যাহ্বান বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে দূর্নীতিয়ে ৰাজহুৱা সম্পদসমূহ, চিকিৎসালয়, বিদ্যালয় আৰু আন্তঃগাথনিমূলক কাৰ্যত বাধা প্ৰদান কৰি জনসাধাৰণৰ আস্থাক ক্ষতিগ্ৰস্ত কৰে। তেওঁ উল্লেখ কৰে যে দুৰ্নীতিৰ প্ৰত্যাহ্বানৰ পৰা কোনো দেশ মুক্ত নহয় আৰু কোনো দেশে ইয়াক অকলে নির্মূল কৰিব নোৱাৰে। অবৈধ অর্থপ্রবাহ ৰোধ, ৰাজহুৱা সম্পদৰ সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় দূর্নীতি নিবাৰক পৰিকাথামো শক্তিশালী কৰাৰ বাবে সামুহিক, সমন্বিত আৰু স্থায়ী আন্তৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰতি তেওঁ আহ্বান জনায়।

দুদিনীয়া কাৰ্যসূচীত দূর্নীতি প্রত্যাপনৰ বাবে বিচৰা পলাতক অপৰাধীক বিচাৰি উলিওৱাৰ বাবে অনানুষ্ঠানিক সহযোগিতাৰ ব্ৰীকচ্ হৈছে এখন মঞ্চ। ব্ৰীকচ নেটৱৰ্ক অৱ ল এনফোৰ্ছমেণ্ট প্ৰেক্টিচনাৰ আৰু ব্ৰীকচ বিশেষজ্ঞ গোটৰ দ্বিতীয়লানি আলোচনাৰ ওপৰতো এই বৈঠকত আলোচনা কৰা হয়। এই কাৰ্যসূচীত নৈতিক প্ৰশাসনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হয় ।