নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হ’বলগীয়া অষ্টাদশ ব্রিকছ শীৰ্ষ সন্মিলনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোছা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফটাহ অল ছিছি, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবোৱো ছুবিয়াণ্টো, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন, আবুধাবিৰ যুৱৰাজ শ্বেইখ খালেদ বিন মহম্মদ বিন জায়েদ অল নাহয়ানকে ধৰি আগশাৰীৰ নেতাসকলক প্ৰতিনিধিত্ব কৰিব। ভাৰতৰ অধ্যক্ষতাত হ’বলগীয়া এই শীৰ্ষ সন্মিলনৰ মূল বিষয়বস্তু হৈছে- স্থিতিস্থাপকতা, উদ্ভাৱন সহযোগিতা আৰু বহনক্ষমতাৰ বাবে নির্মাণ।
সর্বাত্মক গোলকীয় প্রশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ বিষয়ক ব্রিকছ সদস্য-ৰাষ্ট্ৰৰ ৰুদ্ধদ্বাৰ বৈঠকেৰে কাইলৈ এই সন্মিলন আৰম্ভ হ’ব। ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে ভাৰত মণ্ডপমত আয়োজিত ভাৰত ইন’ভেটছ প্রদর্শনীও পৰিদৰ্শন কৰিব। ইয়াৰ পাছত তেওঁলোকে যৌথ গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ ল’ব। তেওঁলোকে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা নৈশ ভোজমেলত অংশ ল’ব। প্রধানমন্ত্রী মোদী এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে ব্ৰিকছ সদস্যৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে এলানি দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। শ্রীমোদীয়ে দেওবাৰে ব্ৰিকছ সহযোগী ৰাষ্ট্ৰৰ নেতা আৰু আমন্ত্ৰিত প্ৰতিনিধিবৰ্গক আদৰণি জনাব।