নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া দ্বাদশ ব্রীকছ সংসদীয় সন্মিলনৰ আজি সামৰণি পৰিব। এই সন্মিলনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সামৰণি ভাষণ দিব। ইয়াৰ পাছতে পৰৱৰ্তী ব্ৰীকছ সংসদীয় মঞ্চৰ আয়োজনৰ দায়িত্বভাৰ চীনক প্ৰদান কৰা হ’ব। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে ব্ৰীকছ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধি, বিষয়া আৰু নেতাসকলৰ সন্মানাৰ্থে আয়োজিত অভ্যর্থনা অনুষ্ঠান মুকলি কৰিব। আজি দ্বিতীয় তথা সামৰণিৰ দিনা বহনক্ষমতা : আমাৰ জাতিসমূহৰ বাবে বহনক্ষম আৰু সৰ্বাংগীন ভৱিষ্যত গঢ়ি তোলাত সংসদৰ ভূমিকা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। জনসাধাৰণকেন্দ্ৰিক উন্নয়নৰ বাবে সংসদসমূহৰ বিকাশ সাধন- বিষয়বস্তুৰে কালি দ্বাদশ ব্ৰীকছ সংসদীয় সন্মিলন আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্মিলনত ব্ৰীকছ ৰাষ্ট্ৰসমূহৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। উদ্বোধনী ভাষণত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ব্ৰীকছৰ অন্তৰ্গত দেশসমূহক নাগৰিককেন্দ্ৰিক উন্নয়ন, বিশ্ব শান্তি, বহনক্ষমতা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ অৰ্থে সামূহিক সংকল্প শক্তিশালী কৰিবলৈ আহ্বান জনায়।
তেওঁ পৰিৱৰ্তনশীল সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ, পাৰস্পৰিক বুজাবুজি গভীৰ কৰিবলৈ আৰু নাগৰিকৰ জীৱনলৈ ইতিবাচক তথা অর্থপূৰ্ণ পৰিৱৰ্তন আনিবলৈ জাতিসমূহৰ সামূহিক জ্ঞানক ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। শ্ৰী বিৰলাই সন্মিলনৰ প্রথম অধিৱেশনত ভাণষ দি উন্নত ভৱিষ্যতৰ বাবে প্রতিষ্ঠানিক স্থিতি স্থাপকতা শক্তিশালী কৰণৰ ক্ষেত্ৰত সংসদৰ ভূমিকা সন্দৰ্ভতো আলোকপাত কৰে। সন্মিলনৰ দ্বিতীয় অধিৱেশনত শ্ৰী বিৰলাই নাগৰিক কেন্দ্ৰীক উদ্ভাৱনৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তা আৰু ডিজিটেল প্রযুক্তি ব্যৱহাৰৰ বিষয়ে গুৰুত্ব আৰোপ কৰি কয়, যে এ আই অথবা ডিজিটেল প্রযুক্তিয়ে মানৱতাৰ সেৱা কৰাটো নিশ্চিত হ’ব লাগিব আৰু ই সামগ্ৰিক বিকাশ, সম-সুবিধাৰ সম্প্ৰসাৰণ আৰু নাগৰিক সৱলীকৰণৰ দিশত কাম কৰিব লাগিব। এই সন্মিলনত কালি শ্ৰী বিৰলাই সংযুক্ত আৰব আমীৰি ৰাষ্ট্ৰ, চীন, ইৰান আদিকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ নেতা তথা মুৰববীৰ সৈতে দ্বিপাক্ষিক বৈঠকতো অংশ লয়।