September 14, 2026 1:18 PM | chacher police

printer

মাদক দ্রব্য বিৰোধী দুটা পৃথক অভিযানত হেৰ’ইন আৰু য়াবা টেবলেট জব্দ কাছাৰ আৰক্ষীৰ

কাছাৰ আৰক্ষীয়ে মাদক দ্রব্য বিৰোধী দুটা পৃথক অভিযানত প্রায় ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে কালি শিলচৰ থানাৰ অন্তৰ্গত ৰামনগৰ বাইপাছ এলেকাত অভিযান চলাই এখন ট্ৰাকৰ পৰা ১৫০টা চাবোনৰ বাকচত কঢ়িয়াই অনা ২ কিলোগ্ৰামৰো অধিৰ হেৰ’ইন জব্দ কৰে ৷ ঘটনা সংক্রান্তত লাইলাপুৰৰ আব্দুল ৰহিম লস্কৰ নামৰ এজন লোকক আটক কৰা হৈছে। মিজোৰামৰ ছামফাই জিলাৰ পৰা মাদক দ্রব্যখিনি সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে কালাইন থানাৰ অন্তৰ্গত গুমৰা বজাৰ এলেকাত চলোৱা আন এটা অভিযানত জয়ৰুল ইছলাম নামৰ এজন লোকৰ বাসগৃহত অভিযান চলাই ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰে।

ইপিনে মাদক দ্ৰব্যৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সৰবৰাহ আৰু অবাধ প্ৰচলন প্ৰতিৰোধৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আছুৰ ধুবুৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক জীৱন বৰুৱাৰ নেতৃত্বত আৰু স্থানীয় লোকৰ সহযোগত বৌ বজাৰ এলেকাত আয়োজিত সজাগতা সভাত মাদক দ্ৰব্যৰ সৰবৰাহ আৰু প্ৰচলন ৰোধৰ বাবে জনমত গঢ়ি তোলাৰ আহ্বান জনোৱা হয়। তদুপৰি নিচাজাতীয় সামগ্ৰী বিৰোধী এখন সমিতিও গঠন কৰা হয় ৷