বিশ্বৰ ৪ হাজাৰ ৭৫ টা এটা খড়গ যুক্ত গঁড়ৰ ৮০ শতাংশই অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আছে বুলি ভাৰত আৰু নেপালৰ শেহতীয়া মূল্যায়নত প্ৰকাশ পাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি দুহেজাৰ ছশৰো অধিক গঁড় আছে বিগত সময়ছোৱাত বিশ্বৰ এটা খড়গ যুক্ত গঁড় সংৰক্ষণৰ শতবৰ্ষ অতিক্ৰম কৰি অসমে ইতিহাস ৰচনা কৰিছে বুলি মূল্যায়নত প্ৰকাশ পাইছে। এই জৰীপত প্ৰকাশ পোৱা মতে ভাৰতত সম্প্ৰতি ৩ হাজাৰ ৩২৩ টা আৰু নেপালত ৭৫২ টা এটা খাযুক্ত গঁড় আছে। ৰাজ্যৰ বন বিভাগৰ তথ্য অনুসৰি ২০১৬ চনৰ পৰা কাজিৰঙাত গড় হত্যা আৰু গঁড় হত্যাৰ অপচেষ্টা ৮৬ শতাংশ হ্রাস পাইছে। এই সময়ছোৱাত ৪২ জন চোৰাং চিকাৰীক আটক কৰা হৈছে, ছটা চোৰাং চিকাৰীৰ ঘাটি উৎখাত কৰা হৈছে আৰু ৯ টা গঁড় হত্যাৰ অপচেষ্টা বিফল কৰা হৈছে। তদুপৰি উদ্যানখনৰ ভিতৰত আৰু চাৰিওফালে ২৫৩ টা বন শিবিৰ স্থাপন কৰা হৈছে। ড্ৰোণৰ ব্যৱহাৰ আৰু থামেল কেমেৰা সংস্থাপনৰ সহায়ত ২০২২ চনত কাজিৰঙাত প্ৰথমবাৰৰ বাবে গঁড় হত্যা শূন্য হৈছিল বুলি বিভাগীয় সূত্রই প্রকাশ কৰিছে।
ইপিনে, ৰাজ্যত বিলুপ্তপ্ৰায় বিৰল প্ৰজাতিৰ নল গাহৰিৰ সংখ্যা ৬ৰ পৰা ১৯৪ লৈ বৃদ্ধি পাইছে। বন বিভাগৰ সংৰক্ষণ আৰু প্ৰজনন ব্যৱস্থাৰ জৰিয়তে এই বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয়, যে বিশ্বৰ আটাইতকৈ সৰু আৰু বিৰল এই প্ৰজাতি বিলুপ্তিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অনা ছটা নলগাহৰিৰ সংৰক্ষণ আৰু প্ৰজনন কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু সম্প্ৰতি এই সংখ্যা ১৯৪ হৈছে বুলি তেওঁ কয়। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই সন্দৰ্ভত কয়, যে ২০৪০ চনৰ ভিতৰত এই সংখ্যা ৩০০ লৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। এই দীৰ্ঘম্যাদি লক্ষ্যই বিপন্ন প্ৰজাতিটোক সুৰক্ষা দিয়াই নহয়, আন কেইবাটাও বিলুপ্তপ্রায় প্ৰাণীৰ প্ৰজাতিৰ নিৰ্ভৰশীল বিচৰণভূমি সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দায়ৱদ্ধতাকো প্ৰতিপন্ন কৰিছে।