September 14, 2026 12:41 PM

views 25

এটা খড়গ যুক্ত গঁড়ৰ ৮০ শতাংশই অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আছে বুলি ভাৰত আৰু নেপালৰ শেহতীয়া মূল্যায়নত প্ৰকাশ

বিশ্বৰ ৪ হাজাৰ ৭৫ টা এটা খড়গ যুক্ত গঁড়ৰ ৮০ শতাংশই অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আছে বুলি ভাৰত আৰু নেপালৰ শেহতীয়া মূল্যায়নত প্ৰকাশ পাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি দুহেজাৰ ছশৰো অধিক গঁড় আছে বিগত সময়ছোৱাত বিশ্বৰ এটা খড়গ যুক্ত গঁড় সংৰক্ষণৰ শতবৰ্ষ অতিক্ৰম কৰি অসমে ইতিহাস ৰচনা কৰিছে বুলি মূল্যায়নত প্ৰকাশ পাইছে। এই জৰীপত প্ৰকাশ পোৱা মতে ভাৰতত সম্প্ৰতি ৩ হাজাৰ ৩২৩ টা আৰু নেপালত ৭৫২ টা এটা খাযুক্ত গঁড় আছে। ৰাজ্যৰ বন বিভাগৰ তথ্য অনুসৰি ২০১৬ চনৰ পৰা কাজিৰঙাত গড় হত্যা আৰু গঁড় হত্যাৰ অপচেষ...

June 26, 2026 8:29 PM

views 28

ভুটানৰ শিক্ষামন্ত্রী ইজাং দি থাপাক সাক্ষাৎ শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি ভুটানৰ শিক্ষামন্ত্রী ইজাং দি থাপাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীপ্রধানে কয় যে ভুটানৰ শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে শিক্ষকসকলৰ প্ৰশিক্ষণ, দক্ষতা আৰু কৰ্মযোগ্যতা, ডিজিটেল শিক্ষা আৰু কৃত্রিম বুদ্ধিমত্তা, বহনক্ষম পর্যটন, পৰম্পৰাগত চিকিৎসা আৰু সর্বাঙ্গীন উন্নয়ন আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দুয়ো দেশৰ মাজত শিক্ষা, উদ্ভাৱন আৰু বিকাশ খণ্ডত যথেষ্ট সম্ভাবনা আছে। তেওঁ কয় যে ভাৰত-ভূটানৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধি পাইছে লগত...

June 7, 2026 12:20 PM

views 37

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰক নেপালৰ বিদেশ মন্ত্রী শিশিৰ খানালৰ সাক্ষাৎ

নেপালৰ বিদেশ মন্ত্রী শিশিৰ খানালে নতুন দিল্লীত কালি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত ২০১৫ চনৰ ভূমিকম্পৰ পিছৰ পুনৰ গঠন কাৰ্যসূচীৰ অধীনত ৭২টা স্বাস্থ্য সুবিধা আৰু ১২টা সাংস্কৃতিক ঐতিহ্য প্রকল্প ড০ জয়শংকৰে নেপালক ভার্চুৱেলী অর্পণ কৰে। তেওঁ লগতে দুয়োখন দেশৰ জনসাধাৰণ প্ৰগতি, সমৃদ্ধি আৰু মংগলৰ বাবে নেপালৰ সৈতে কাম কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰে। এই বৈঠক সন্দৰ্ভত ড০ জয়শংকৰে কয়, যে ভাৰত আৰু নেপালে দুয়োখন দেশৰ সীমান্তৰ নিৰাপত্তাৰ বাবে একেলগে কাম কৰি আহিছে আৰু দুয়...

October 7, 2025 11:57 AM

views 114

ভাৰত-নেপাল সীমান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে এন চি বি আৰু সশস্ত্ৰ সীমা বলে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত

● ভাৰত-নেপাল সীমান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে সৰৱ হোৱাৰ লক্ষ্যৰে নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (এন চি বি) আৰু সশস্ত্ৰ সীমা বলে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কালি নতুন দিল্লীত এনচিবিৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গ আৰু এছএছবিৰ সঞ্চালকপ্রধান সঞ্জয় সিংঘালে এই সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ মূল লক্ষ্য আছিল- চোৰাংচোৱা তথ্য বিনিময়, যৌথ কাৰ্য্যকলাপ, সমৰ্থ বিকাশৰ পদক্ষেপ, চোৰাংচোৱাৰ দৰে ক্ষেত্ৰত এন চি বি আৰু এছ এছ বিৰ সহযোগিতা তথা সমন্বয় শক্তিশালী কৰা। বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা কটকটীয়া কৰাৰ লগতে সৰ...

September 4, 2025 3:35 PM

views 74

ভাৰতৰ মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইয়ে কাইলৈ ভাৰত-নেপাল ন্যায়িক আলোচনাত ভাষণ দিব

● ভাৰতৰ মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইয়ে কাইলৈ ভাৰত-নেপাল ন্যায়িক আলোচনাত ভাষণ দিব। মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি সন্ধিয়া প্ৰথমবাৰৰ বাবে তেওঁ কাঠমাণ্ডুত উপস্থিত হ'ব। ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা গাৱাইয়ে কাইলৈ এই বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে নেপালৰ মুখ্য ন্যায়াধীশ প্রকাশমন সিং ৰাউতৰ সৈতে সুকীয়াকৈ এখন বৈঠকত অংশগ্ৰহণ কৰিব। এই ভ্রমণকালত তেওঁ বুদ্ধ সাংস্কৃতিক নগৰী লুম্বিনীৰ লগতে পাটানত অৱস্থিত ইউনেস্কোৰ সাংস্কৃতিক ঐতিহ্যস্থলী আৰু কাঠমাণ্ডু ...

August 16, 2025 8:41 PM

views 73

কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ বিদেশ সচিব বিক্রম মিশ্রি

বিদেশ সচিব বিক্রম মিশ্রিয়ে কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ যাব। নেপালৰ বৈদেশিক সচিব অমৃত বাহাদুৰ ৰায়ৰ আমন্ত্ৰণ মর্মে শ্রী মিশ্রি দেশখনলৈ যাব। ছেপ্টেম্বৰত নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অলিৰ সম্ভাব্য নেপাল ভ্ৰণৰ পূৰ্বে সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত উভয় দেশৰ সীমান্ত সুৰক্ষা, বিমান পৰিবহণ, শক্তি খণ্ডকে ধৰি আন বিভিন্ন ক্ষেত্ৰত থকা সহযোগিতা অধিক বৃদ্ধি কৰাৰ সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ভাৰত আৰু নেপালৰ মাজত শক্তিশালী আৰু বন্ধুত্বসুলভ সম্পর্ক আছে আৰু যোৱা...

April 5, 2025 11:33 AM

views 71

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা ফলপ্রসু হৈছে : নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অলি

নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অলিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অতি ফলপ্রসু আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে। বেংককত অনুষ্ঠিত ষষ্ঠ BIMSTEC সন্মিলনৰ সুযোগতে দুয়োগৰাকী নেতাই কালি এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত নেপালৰ প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শ্রীমোদীৰ সৈতে হোৱা আলোচনা অতি গঠনমূলক আছিল আৰু দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক তথা আঞ্চলিক সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত নতুন অংশীদাৰ সৃষ্টিত এই আলোচনা অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। দুয়োগৰাকী নেত...

March 19, 2025 11:50 AM

views 85

নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ বৈঠক

নেপালৰ বিদেশ মন্ত্ৰী ড০ আর্জু ৰানা দেওবা আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ কালি নতুন দিল্লীত এখন বৈঠকত মিলিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে আয়োজন কৰা দশম ৰাইছিনা ডায়লগ শীর্ষ সন্মিলনৰ সুযোগতে মন্ত্ৰী দুগৰাকী আলোচনাত মিলিত হয়। নেপালৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ড০ জয়শংকৰ সৈতে এই বৈঠক অতি ফলপ্রসূ আছিল বুলি উল্লেখ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ বিভিন্ন খণ্ডত থকা দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। তেওঁলোকে লগতে ভাৰত আৰু নেপালৰ মাজৰ বাণিজ্যিক সহযোগিতা, জলসম্পদ উন্নয়ন বিষয়ত ...