বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰক নেপালৰ বিদেশ মন্ত্রী শিশিৰ খানালৰ সাক্ষাৎ

নেপালৰ বিদেশ মন্ত্রী শিশিৰ খানালে নতুন দিল্লীত কালি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত ২০১৫ চনৰ ভূমিকম্পৰ পিছৰ পুনৰ গঠন কাৰ্যসূচীৰ অধীনত ৭২টা স্বাস্থ্য সুবিধা আৰু ১২টা সাংস্কৃতিক ঐতিহ্য প্রকল্প ড০ জয়শংকৰে নেপালক ভার্চুৱেলী অর্পণ কৰে। তেওঁ লগতে দুয়োখন দেশৰ জনসাধাৰণ প্ৰগতি, সমৃদ্ধি আৰু মংগলৰ বাবে নেপালৰ সৈতে কাম কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰে। এই বৈঠক সন্দৰ্ভত ড০ জয়শংকৰে কয়, যে ভাৰত আৰু নেপালে দুয়োখন দেশৰ সীমান্তৰ নিৰাপত্তাৰ বাবে একেলগে কাম কৰি আহিছে আৰু দুয়োখন দেশে প্রয়োজনৰ সময়ত পৰস্পৰে পৰস্পৰৰ্ক সহযোগিতা আগবঢ়াইছে। ভাৰত আৰু নেপালৰ মাজত বিশেষ সম্পর্ক আছে বুলিও ড০ জয়শংকৰে প্ৰকাশ কৰে। নেপালত চৰকাৰৰ সফলতাৰ বাবে তেওঁ বিদেশ মন্ত্রী শ্রীখানালক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়, যে বাণিজ্য, বিনিয়োগ, উন্নয়ন সহযোগিতা, শিক্ষা, দুর্যোগ সঁহাৰি, শক্তি আৰু সাংস্কৃতিক ক্ষেত্রত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্ক ক্রমাগতভাবে গঢ় লৈ উঠিছে। সামাজিক মাধ্যমত এটা পষ্টযোগে ড০ জয়শংকৰে কয়, যে দুয়োখন দেশৰ উন্নয়ন সহযোগিতা, যোগাযোগ, শক্তি, জলবিদুৎ উন্নয়ন, শিক্ষা, স্বাস্থ্য, সামর্থ বিকাশ, ডিজিটেল, সংস্কৃতি আৰু ক্রীড়া আদি বিষয়ত বৈঠকত আলোচনা কৰা হৈছে। তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হোৱা নেপালৰ বিদেশ মন্ত্রী শ্রীখানালে কয়, যে ভাৰত নেপালৰ গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু নেপালে ভাৰতক সর্বোচ্চ অগ্রাধিকাৰ দিছে। তেওঁ কয়, যে নেপাল আৰু ভাৰত কেৱল দুখন দেশ নহয়, বৰং দুয়োখন দেশ প্রাচীন সভ্যতাৰ অংশীদাৰ। পশ্চিম এছিয়াৰ সংকটৰ সময়ত নেপালক ইন্ধন আৰু সাৰ যোগান ধৰাৰ বাবে শ্রীখানালে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে।