বিদেশ সচিব বিক্রম মিশ্রিয়ে কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ যাব। নেপালৰ বৈদেশিক সচিব অমৃত বাহাদুৰ ৰায়ৰ আমন্ত্ৰণ মর্মে শ্রী মিশ্রি দেশখনলৈ যাব। ছেপ্টেম্বৰত নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অলিৰ সম্ভাব্য নেপাল ভ্ৰণৰ পূৰ্বে সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব। বৈঠকত উভয় দেশৰ সীমান্ত সুৰক্ষা, বিমান পৰিবহণ, শক্তি খণ্ডকে ধৰি আন বিভিন্ন ক্ষেত্ৰত থকা সহযোগিতা অধিক বৃদ্ধি কৰাৰ সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ভাৰত আৰু নেপালৰ মাজত শক্তিশালী আৰু বন্ধুত্বসুলভ সম্পর্ক আছে আৰু যোৱা কিছু বছৰত বিভিন্ন ক্ষেত্ৰত থকা সহযোগিতা যথেষ্ট বৃদ্ধি পাইছে। ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰ প্ৰথম নীতি অধীনত ভাৰতে নেপালৰ সৈতে থকা সম্পৰ্কক শীর্ষ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে।
Assamese | August 16, 2025 8:41 PM | Akashvani | Akashvani News | India-Nepal | Vikram Misri
কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ বিদেশ সচিব বিক্রম মিশ্রি