নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অলিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অতি ফলপ্রসু আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে। বেংককত অনুষ্ঠিত ষষ্ঠ BIMSTEC সন্মিলনৰ সুযোগতে দুয়োগৰাকী নেতাই কালি এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত নেপালৰ প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শ্রীমোদীৰ সৈতে হোৱা আলোচনা অতি গঠনমূলক আছিল আৰু দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক তথা আঞ্চলিক সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত নতুন অংশীদাৰ সৃষ্টিত এই আলোচনা অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব। দুয়োগৰাকী নেতাই ভাৰত-নেপাল সম্পৰ্কৰ বিভিন্ন দিশ সামৰি, বিশেষকৈ শক্তি, যোগাযোগ, সংস্কৃতি আৰু ডিজিটেল প্ৰযুক্তি খণ্ডক লৈ আলোচনা কৰে। তেওঁলোকে লগতে দুর্যোগ ব্যৱস্থাপনা আৰু সামুদ্রিক পৰিবহণকে ধৰি এইবাৰৰ BIMSTEC সন্মিলনৰ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সন্দৰ্ভতো আলোচনা কৰে।
Assamese | April 5, 2025 11:33 AM | India-Nepal
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা ফলপ্রসু হৈছে : নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অলি