ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী দুদিনীয়া চৰকাৰী ভ্ৰমণ সূচীৰে পৰহিলৈ নেপাললৈ যাব। নেপালৰ বৈদেশিক সচিব অমৃত বাহাদুৰ ৰায়ৰ আমন্ত্ৰণ মৰ্মে শ্ৰী মিশ্ৰী দেশখনলৈ যাব।
এই ভ্রমণে ভাৰত আৰু নেপালৰ বিভিন্ন ক্ষেত্ৰৰ সম্পৰ্কৰ পৰ্য্যালোচনা চলোৱাৰ লগতে পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব। ভ্ৰমণৰ সময়ত শ্ৰী মিশ্ৰী নেপালৰ বৈদেশিক সচিবগৰাকীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।
আলোচনাত দেশদুখনৰ মাজৰ দীৰ্ঘদিনীয়া আৰু বন্ধুত্বপূৰ্ণ সম্পর্ক অধিক শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব। কাঠমাণ্ডুত থকাৰ সময়চোৱাত নেপালৰ জেষ্ঠ্য নাগৰিকসকলে শ্রী মিশ্ৰীক সৌজন্যমূলক সাক্ষাৎ কৰিব। ৫ নৱেম্বৰত সচিবগৰাকী নতুন দিল্লীলৈ ৰাওনা হ’ব। উল্লেখযোগ্য যে, ভাৰত আৰু নেপালৰ মাজত চলি থকা উচ্চস্তৰীয় বৈঠকৰ অংশ হিচাপে শ্ৰী মিশ্ৰী নেপাললৈ যাব।