September 14, 2026 12:15 PM | Sankalapa abhijan

printer

অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ ৰাষ্ট্ৰজুৰি মাহজোৰা সেৱা সংকল্প অভিযান আয়োজন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ ৰাষ্ট্ৰজুৰি মাহজোৰা সেৱা সংকল্প অভিযান আয়োজনৰ কথা কালি ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱা যাত্ৰাৰ ২৫ বর্ষপূর্তি আৰু ২০৪৭ চনৰ ভিতৰত জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে এই অভিযান চলোৱা হ’ব। মুম্বাইত কালি এখন সংবাদমেলত শ্ৰীশ্বাহে কয়, যে সমগ্র দেশতে বিজেপি, এন ডি এৰ অংশীদাৰসকল, স্বেচ্ছাসেৱী সংস্থা আৰু নাগৰিকসকলে এই অভিযানৰ আয়োজন কৰিব। প্ৰতিখন ৰাজ্য, কেন্দ্রীয়শাসিত অঞ্চল, জিলা, লোকসভা আৰু বিধানসভা সমষ্টি তথা বুথ পৰ্যায়ত এই অভিযান চলোৱা হ’ব। অভিযানকালত ৰক্তদান, সেৱা দিৱসৰ অধীনত ৰাইজক ধন্যবাদ জ্ঞাপন, মোৰ সপোনৰ ভাৰত শীৰ্ষক বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা, অংগনৱাড়ী আৰু আশাকর্মীসকলক সন্মান প্ৰদৰ্শন আৰু চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সফলতাৰ কাহিনী প্ৰচাৰৰ ব্যৱস্থা কৰা হ’ব। ১৭ অক্টোবৰত সু-প্রশাসন সন্দৰ্ভত চাৰিটা স্থানত আলোচনাচক্র অনুষ্ঠিত হ’ব। তদুপৰি এই অভিযানৰ সময়ছোৱাত সেৱা জ্যোতি কলহ যাত্ৰা, সেৱা সেতু অভিযান, বৰনগৰ-বাৰাণসী সেৱা যাত্ৰা, সেৱা ক্ষেত্ৰত মোৰ অৱদান আদি ভিন ভিন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।