September 14, 2026 1:18 PM
3
মাদক দ্রব্য বিৰোধী দুটা পৃথক অভিযানত হেৰ’ইন আৰু য়াবা টেবলেট জব্দ কাছাৰ আৰক্ষীৰ
কাছাৰ আৰক্ষীয়ে মাদক দ্রব্য বিৰোধী দুটা পৃথক অভিযানত প্রায় ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে কালি শিলচৰ থানাৰ অন্তৰ্গত ৰামনগৰ বাইপাছ এলেকাত অভিযান চলাই এখন ট্ৰাকৰ পৰা ১৫০টা চাবোনৰ বাকচত কঢ়িয়াই অনা ২ কিলোগ্ৰামৰো অধিৰ হেৰ’ইন জব্দ কৰে ৷ ঘটনা সংক্রান্তত লাইলাপুৰৰ আব্দুল ৰহিম লস্কৰ নামৰ এজন লোকক আটক কৰা হৈছে। মিজোৰামৰ ছামফাই জিলাৰ পৰা মাদক দ্রব্যখিনি সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে কালাইন থানাৰ অন্তৰ্গত গুমৰা বজাৰ এলেকাত চলোৱা আন এটা অভিযানত জয়ৰুল ইছলাম না...