September 24, 2026 9:04 PM | Jorhat

printer

যোৰহাট জিলাৰ তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত প্রজেক্ট ডেউকাৰ প্ৰশিক্ষণ সম্পন্ন

যোৰহাট জিলাৰ তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত আজি প্রজেক্ট ডেউকাৰ প্ৰশিক্ষণ সম্পন্ন হয়। তিতাবৰৰ দেৱ কুমাৰ বৰা সোঁৱৰণী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্রজেক্ট ডেউকা হৈছে, দিব্যাংগ ব্যক্তিসকলৰ বাবে সহানুভূতিশীল আৰু সহায়ক পৰিৱেশ সৃষ্টি কৰা। এই প্ৰকল্পৰ জৰিয়তে দিব্যাংগ লোকসকলৰ প্ৰতি থকা ভুল ধাৰণা, কলংক আৰু বৈষম্য হ্ৰাস কৰাৰ লগতে তেওঁলোকৰ অধিকাৰ, মৰ্য্যাদা, সামৰ্থ্য আৰু সমান অংশগ্ৰহণৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিতাবৰ সমজিলা আয়ুক্তই এই কাৰ্য্যসূচী উদ্বোধন কৰাৰ লগতে সহকাৰী আয়ুক্ত, সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পৰ শিশু উন্নয়ন প্রকল্প বিষয়া আৰু যোৰহাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্য্যালয়ৰ সংশ্লিষ্ট ব্যক্তিসকল উপস্থিত থাকে। এই কাৰ্য্যসূচীত অংগনৱাড়ী কৰ্মী আৰু আশা স্বাস্থ্য কর্মীসকলক দিব্যাংগ বিষয়ত সজাগ কৰাৰ লগতে তৃণমূল পৰ্য্যায়ত সজাগতা, অন্তৰ্ভুক্তি, সমতা আৰু সহজলভ্যতা নিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা সন্দৰ্ভত দিহা-পৰামৰ্শ দিয়া হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।