যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাত আজি এবিধ বিশেষ কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাত আজি এবিধ বিশেষ কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বাগিচাখনৰ কিশোৰী ক্লাবৰ সদস্যাসকলৰ বাবে আয়োজন কৰা এই প্রশিক্ষণ কাৰ্যসূচী যোৰহাট জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক তথা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা০ ভক্তিময় ভট্টাচার্যই উদ্বোধন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে যুৱতীসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্য লোৱা হৈছে।

ইয়াৰ যোগেদি বাল্য বিবাহৰ দৰে আৰ্থ সামাজিক সমস্যাসমূহ প্রতিহত কৰাৰ লগতে আর্থিক স্বতন্ত্রতা প্ৰদান কৰাটোও অন্যতম উদ্দেশ্য। ইয়াৰ লগতে চাহ বাগিচা অঞ্চলত বিষাক্ত কাঠফুলা সেৱনৰ ফলত বিষক্ৰিয়া হৈ বহু মানুহৰ মৃত্যু হোৱা বিষয়ত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে।

বৈজ্ঞানিক পদ্ধতিৰে সুৰক্ষিত কাঠফুলা খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰা অংশগ্ৰহণকাৰীসকলৰ বাবে সুৰক্ষিত খাদ্যৰ উৎস আৰু নিৰ্ভৰযোগ্য জীৱিকা নিশ্চিত কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।