পর্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ সভাপতিত্বত আজি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা সভা অনুষ্ঠিত হয়।
সভাত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ পৰা বানত ক্ষয়-ক্ষতিৰ খতিয়ান লোৱাৰ লগতে বৰ্তমান গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। চৰকাৰে প্ৰদান কৰা বান সাহায্য আৰু অন্তৱৰ্তীকালীন বিত্তীয় সাহায্যৰ পৰা যাতে কোনো বান প্ৰভাৱিত লোক বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে।
তেওঁ লগতে এই ক্ষেত্ৰত সকলো বিভাগক স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়। শ্ৰীমতী নেওগে বানত ক্ষতি হোৱা কৃষিভূমিৰ পুনৰ উদ্ধাৰৰ বাবে কাৰ্যপন্থা প্ৰস্তুত কৰিবলৈ কৃষি বিভাগক আৰু ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ ছাফ-চিকুণ তথা মেৰামতিৰ বাবে শিক্ষা বিভাগক নির্দেশ দিয়ে। বানত ক্ষতিগ্ৰস্ত নামঘৰ, অঙ্গনবাড়ী কেন্দ্ৰসমূহকো শীঘ্ৰে ছাফ-চিকুণ কৰিবলৈ বিভাগীয় লোকক পৰামৰ্শ দিয়া হয়। মন্ত্ৰীগৰাকীয়ে যোৰহাট চহৰত কৃত্রিম বানৰ সমস্যা সমাধানৰ বাবে উপযুক্ত পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত ব্যৱস্থা লবলৈ পৌৰসভাক নিৰ্দেশ দিয়ে।