September 22, 2026 6:51 PM

views 10

ৰাজ্যত নতুনকৈ ৮ হাজাৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ’বঃ মন্ত্ৰী অজন্তা নেওগ

ৰাজ্যত নতুনকৈ ৮ হাজাৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে প্রকাশ কৰিছে। বজালী জিলা আয়ুক্ত কাৰ্যালয়ত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু কাম-কাজৰ অগ্ৰগতি পর্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। পৰ্যালোচনা সভাখনত মন্ত্ৰীগৰাকীয়ে বজালী জিলা অঙ্গনবাড়ী কেন্দ্ৰৰ আন্তগাথনি উন্নয়ন, শিশু আৰু মাতৃৰ বাবে ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰী নেওগে জিলাখনত অঙ্গনবাড়ী কেন্দ্ৰৰ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ...

September 22, 2026 6:38 PM

views 13

মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী অজন্তা নেওগৰ তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক

হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মহিলা তথা শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত মন্ত্রীদ্বয়ে নিৰ্ধাৰিত সময়সীমা অনুসৰি সকলো অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য গুণগত মান অক্ষুণ্ণ ৰাখি অক্টোৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিষয়া আৰু সংশ্লিষ্ট সংস্থাসমূহক নির্দেশ দিয়ে। তেওঁলোকে লগতে জিলাখনৰ মহিলা আৰু শিশুৰ সৰ্বাংগীন কল্যাণৰ অৰ্থে ৰূপায়ণ...

August 5, 2026 6:52 PM

views 27

মন্ত্ৰী অজন্তা নেওগৰ সভাপতিত্বত যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ বান পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা সভা

পর্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ সভাপতিত্বত আজি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ পৰা বানত ক্ষয়-ক্ষতিৰ খতিয়ান লোৱাৰ লগতে বৰ্তমান গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। চৰকাৰে প্ৰদান কৰা বান সাহায্য আৰু অন্তৱৰ্তীকালীন বিত্তীয় সাহায্যৰ পৰা যাতে কোনো বান প্ৰভাৱিত লোক বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে এই ক্ষেত্...

July 28, 2026 7:59 PM

views 25

চলিত বিত্তীয় বৰ্ষত ৰাজ্যত ১,৭৩৩ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছেঃ মন্ত্ৰী অজন্তা নেওগ

চলিত বিত্তীয় বৰ্ষত ৰাজ্যত ১,৭৩৩ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে বুলি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে সদনত আজি এটা প্রশ্নোত্তৰত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত বৰ্তমান ৬২ হাজাৰ ১৪২ টা অনুমোদিত অঙ্গনবাড়ী কেন্দ্র আছে।  বিগত কাৰ্যকালত ৯ হাজাৰ ৫৪ টা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম অনুমোদন জনোৱা হৈছিল যদিও ইয়াৰে ৪ হাজাৰ ৪২৩ টা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে বুলি তেওঁ কয়। বৰ্তমান ৪ হাজাৰ ৬৩১ টা আদৰ্শ অঙ্গনবাড়ী নিৰ্মাণৰ কাম চলি আছে বুলি তেওঁ উল্লেখ কৰে।  ৰা...

July 3, 2026 6:51 PM

views 23

ৰহাত নিৰ্মাণৰত জোঙাল বলহু পর্যটন ক্ষেত্ৰ পৰিদৰ্শন মন্ত্রী অজন্তা নেওগৰ

নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পর্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পর্যটন মন্ত্রী অজন্তা নেওগে কামকাজৰ অগ্ৰগতিৰ বুজ লয়। তিৱা জনগোষ্ঠীৰ বীৰ জোঙাল বলহুৰ অৱদান যুগমীয়া কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্রায় ৫০ কোটি টকা ব্যয় সাপেক্ষে এই পর্যটন ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। পর্যটন মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ শেহতীয়া অগ্রগতিত সন্তুষ্টি প্রকাশ কৰি বাকী থকা কামসমূহ শীঘ্ৰে সম্পন্ন কৰিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে। জোঙাল বলহু ক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে অন্যতম আকর্ষণীয় পর্...

June 10, 2026 6:42 PM

views 27

আমিনগাঁৱৰ আয়ুক্তৰ কাৰ্যালয়ত অজন্তা নেওগৰ পর্যালোচনা সভা অনুষ্ঠিত

কামৰূপ জিলাৰ আমিনগাঁৱত আয়ুক্তৰ কাৰ্যালয়ত আজি নৱনিযুক্ত অভিভাৱক মন্ত্রী তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগৰ এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে জিলাখনৰ সদৰ আমিনগাঁওৰ আয়ুক্ত কাৰ্যালয়ত মন্ত্ৰীগৰাকী উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰববীসকলৰ লগত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ লগতে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত ঐতিহাসিক জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহ খৰতকীয়া আৰু সম উন্নয়ন কৰা হ'ব বুলি...

November 20, 2025 7:17 PM

views 77

চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী অজন্তা নেওগৰ পৌৰোহিত্যত পৰ্যালোচনা বৈঠক অনুষ্ঠিত

  চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মন্ত্ৰী অজন্তা নেওগৰ পৌৰোহিত্যত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ছিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু জিলা আয়ুক্ত যতীন বৰাসহ জিলাখনৰ মুৰববী-বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰ কাম-কাজৰ খতিয়ান লোৱাৰ লগতে কৰ সংগ্ৰহ কৰা বিভাগসমূহক কৰ সংগ্ৰহ সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদানৰ পৰামৰ্শ দিয়ে। তেওঁ লগতে ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰিবলৈও মুৰব্বী-বিষয়াসকলক আহ্বান জন...

October 26, 2025 7:42 PM

views 79

গোলাঘাট জিলাৰ মেৰাপানীত শুশ্রুষা সেতু শীর্ষক স্বাস্থ্য শিবিৰৰ আয়োজন

গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্রুষা সেতু শীর্ষক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত বিশেষজ্ঞ চিকিৎকৰ দ্বাৰা ১৮ বছৰৰ তলৰ প্ৰত্যেক শিশু তথা কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে। বিত্ত মন্ত্রী অজন্তা নেওগে আজি পুৱা এই স্বাস্থ্য শিবিৰৰ শুভাৰম্ভণি কৰে। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই এই শিবিৰত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি গ্ৰহণ কৰা এই আঁচনিখনৰ কথা...

August 24, 2025 6:13 PM

views 76

মানকাচৰত সম-জিলা উন্নয়নৰ সৈতে জড়িত বিষয়ত বিত্ত মন্ত্রী অজন্তা নেওগৰ পর্যালোচনা

■ বিত্ত মন্ত্রী অজন্তা নেওগে আজি মানকাচৰত সম-জিলা উন্নয়নৰ সৈতে জড়িত বিষয় পর্যালোচনা কৰে। হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ উন্নয়নমূলক আঁচনি ৰূপায়ণ সন্দৰ্ভত বুজ লয়। এই বৈঠকত শিশু কল্যাণ সম্পর্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে কেইবাগৰাকীও মন্ত্ৰীয়ে শেহতীয়াকৈ মানকাচৰ ভ্ৰমণ কৰিছে।

June 20, 2025 8:49 PM

views 73

গোলাঘাট জিলাত ধৰতি আৱা জনজাতীয় গ্রাম্য উৎকর্ষ অভিযান আঁচনিৰ শুভাৰম্ভ বিত্তমন্ত্রী অজন্তা নেওগৰ

বিত্তমন্ত্রী অজন্তা নেওগে আজি গোলাঘাট জিলাত ধৰতি আৱা জনজাতীয় গ্রাম্য উৎকর্ষ অভিযান আঁচনিখনৰ শুভাৰম্ভ কৰে। গমাৰিগুৰি উন্নয়নখণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত সজাগতা সৃষ্টিৰ জৰিয়তে অসমৰ চুকে-কোণে ৬ হাজাৰ জনজাতীয় গাঁৱত ৰাস্তা ঘাট, বিদ্যুৎ সংযোগ, অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণ, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৱাসগৃহ নির্মাণকে ধৰি ব্যক্তিগত পৰ্যায়ত যাতে প্রত্যেকখন আঁচনিৰ সুফল লাভ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটোৱে এই আঁচনিখনৰ মূল উদ্দেশ্য বুলি মন্ত্রী শ্রীমতী নেওগে কয়। আজিৰ এই সজাগতা সভাত গোল...