হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মহিলা তথা শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।
বৈঠকত মন্ত্রীদ্বয়ে নিৰ্ধাৰিত সময়সীমা অনুসৰি সকলো অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য গুণগত মান অক্ষুণ্ণ ৰাখি অক্টোৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিষয়া আৰু সংশ্লিষ্ট সংস্থাসমূহক নির্দেশ দিয়ে।
তেওঁলোকে লগতে জিলাখনৰ মহিলা আৰু শিশুৰ সৰ্বাংগীন কল্যাণৰ অৰ্থে ৰূপায়ণ হৈ থকা আঁচনিসমূহ ফলপ্ৰসূভাৱে তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ স্বাৰ্থত অধিক দায়িত্বশীল আৰু গতিশালতাৰে কৰ্তব্য সম্পাদন কৰিবলৈ কয়।
বৈঠকত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ধবজাবাহী জনকল্যাণমূলক আঁচনি বেটী বাচাঅ’ বেটী পঢ়াঅ’ আৰু প্ৰধানমন্ত্রী মাতৃ বন্দনা যোজনা ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়।
গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ দাস, বি টি চিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী, লক্ষ্মী দাসৰ লগতে জিলা প্ৰশাসন আৰু মহিলা তথা শিশু বিকাশ বিভাগৰ জ্যোষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে।