October 6, 2026 6:28 PM

views 12

হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উদ্যোগত শুৱালকুছিত মেগা হেণ্ডলুম ক্লাষ্টাৰ উদ্বোধন

হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উদ্যোগত শুৱালকুছিত আজি মেগা হেণ্ডলুম ক্লাষ্টাৰৰ উদ্বোধন কৰা হয়। হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আঁচনিখন উদ্বোধন কৰে। হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ২৯ কোটি আৰু ৰাজ্য চৰকাৰৰ ৩ কোটিসহ মুঠ ৩২ কোটি টকা ব্যয় সাপেক্ষে আঁচনিখন ৰূপায়ণ কৰা হয়। হস্ততাঁত ক্লাষ্টাৰটোৰ অধীনত ৫ খন গাঁও পঞ্চায়ত ৬৮ খন গাঁৱৰ মুঠ ৪,২৬৬ গৰাকী শিপিনীক তাঁতশাল আৰু যাৱতীয় সা-সৰঞ্জাম যোগান ধৰা হ'ব। আজি এই উদ্বোধন...

September 22, 2026 6:38 PM

views 15

মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী অজন্তা নেওগৰ তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক

হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মহিলা তথা শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত মন্ত্রীদ্বয়ে নিৰ্ধাৰিত সময়সীমা অনুসৰি সকলো অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য গুণগত মান অক্ষুণ্ণ ৰাখি অক্টোৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিষয়া আৰু সংশ্লিষ্ট সংস্থাসমূহক নির্দেশ দিয়ে। তেওঁলোকে লগতে জিলাখনৰ মহিলা আৰু শিশুৰ সৰ্বাংগীন কল্যাণৰ অৰ্থে ৰূপায়ণ...

September 12, 2026 11:50 AM

views 11

কামৰূপৰ বকোৰ মুগা নাৰ্চাৰী ফাৰ্মত আয়োজিত অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ অংশগ্ৰহণ

কামৰূপ জিলাৰ বকোৰ টুৰুকপাৰা মুগা নাৰ্চাৰী ফাৰ্মত মিছন চেনেহজৰীৰ অধীনত আয়োজিত এটা অনুষ্ঠানত কালি মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ মন্ত্ৰী শ্ৰী দৈমাৰীয়ে মুগাৰ খাদ্য বৃক্ষ ৰোপণ কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই ফাৰ্মখনৰ সৈতে জড়িত ১০ গৰাকী মুগা পালক উপকৃত হ'ব বুলি আশা কৰে। মন্ত্ৰী দৈমাৰীয়ে কয়, যে তৃণমূল পৰ্যায়ৰ ৰেচম উদ্যোগটোক শক্তিশালী কৰা আৰু স্থানীয়ভাৱে উপযোগী ব্যৱস্থাৰ জৰিয়তে মুগা পালকসকলক সহায় কৰিবলৈ চোম গছ...

July 28, 2026 12:45 PM

views 20

ৰাজ্যৰ প্ৰায় ২৬ হাজাৰ ৰাজহ গাঁৱৰ প্ৰতিখনতে একোখনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্ত

ৰাজ্যৰ প্ৰায় ২৬ হাজাৰ ৰাজহ গাঁৱৰ প্ৰতিখনতে একোখনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান ২৩৩ খন গ্রাম্য ষ্টেডিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। পৰৱৰ্তী সময়ত প্ৰতিখন ৰাজহ গাঁৱতে এখনকৈ খেল-পথাৰ নিৰ্মাণ কৰা হ'ব বুলি বিধানসভাত ক্রীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে। কালি বিধানসভাত অগপৰ বিধায়ক ধৰ্মেশ্বৰ ৰায়ৰ এটা প্ৰশ্নৰ উত্তৰত ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে কয়, যে চৰকাৰে ইতিমধ্যে প্ৰতিখন ৰাজহ গাঁৱতে একোখনকৈ গ্রাম্য ক্রীড়া ষ্টেডিয়াম স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। আনহাতে, ৰাজ...

July 18, 2026 11:17 AM

views 28

শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ নাটনি দূৰ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবঃ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

ৰাজ্য চৰকাৰে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰীৰ নাটনি দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি হস্ততাঁত বস্ত্ৰ, ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে।  কালি বস্ত্ৰ নগৰী শুৱালকুছিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শুৱালকুছি বস্ত্ৰ উদ্যান, শুৱালকুছি ইনষ্টিটিউট অব ফেচন টেকনলজি পৰিদৰ্শন কৰি শিপিনিসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে বহিঃৰাজ্যৰ পৰা অহা বস্ত্ৰ পৰিহাৰ কৰি থলুৱা শিপিনিৰ দ্বাৰা প্ৰস্তুত কৰা বস্ত্ৰ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে প...

July 11, 2026 6:20 PM

views 18

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহযোৰা বিনামুলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহযোৰা বিনামুলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। তামুলপুৰৰ বিধায়ক তথা মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত আয়োজিত এই প্রশিক্ষণ শিবিৰত অসম প্ৰত্যক্ষ নিয়োগ পৰীক্ষা, অসম আৰক্ষী, বন বিভাগ আদিকে ধৰি বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। এই শিবিৰ উদ্বোধন কৰি মন্ত্ৰী শ্ৰীদৈমাৰীয়ে এই বিনামুলীয়া প্রশিক্ষণে স্থানীয় ছাত্র-ছাত্রীসকলক প্...

July 4, 2025 6:39 PM

views 54

ওদালগুৰিৰ শুক্লাইত নেহেৰু মেমোৰিয়েল হাইস্কুলৰ আধাৰশিলা স্থাপন বিশ্বজিৎ দৈমাৰীৰ

অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে আজি নাবাৰ্ডৰ গ্ৰাম্য আন্তঃগাথনি উন্নয়ন আঁচনিৰ অধীনত ওদালগুৰি জিলাৰ শুক্লাইত নেহেৰু মেমোৰিয়েল হাইস্কুলৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত কমল মেধি, বিশিষ্ট সমাজকর্মী জৌশ্রাং বড়ো আৰু ফতিক কছাৰীৰ লগতে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শিক্ষক, প্রাক্তন শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্র-ছাত্রী তথা ভালেমান বিশিষ্ট লোক উপস্থিত থাকে।

February 7, 2025 9:01 PM

views 49

কোকৰাঝাৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু ছহিদ বেদীৰ ভূমিপূজন

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি কোকৰাঝাৰ চহৰৰ ৰবীন্দ্ৰ নগৰত ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক তথা শিক্ষাবিদ, ৰাজনীতিক, সমাজকর্মী ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু ছহিদ বেদীৰ ভূমিপূজন কৰে। মুখ্যমন্ত্ৰীৰ ১০ লাখ টকাৰ আৰ্থিক অনুদানেৰে এই ছহিদ বেদী আৰু প্ৰতিমূৰ্তি কৰা হ'ব। ইয়াৰ বাবে শ্ৰী দৈমাৰীয়েও নিজাববীয়াকৈ ১ লাখ টকাৰ আর্থিক অনুদান আগবঢ়ায়। এই কাৰ্যসূচী বি টি চিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসমৰ বৌদ্ধিক প্ৰমুখ ৰথীন্দ্ৰ সিনহা, বিজেপিৰ সভানেত্ৰী কবি...

December 19, 2024 8:11 PM

views 71

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত কোকৰাঝাৰত উপস্থিত হোৱা বিধানসভাৰ প্রতিনিধি দলৰ বিটিচি সচিবালয় পৰিদৰ্শন

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত কালি কোকৰাঝাৰত উপস্থিত হোৱা বিধানসভাৰ প্রতিনিধি দলটোৱে আজি কোকৰাঝাৰত থকা বিটিচি সচিবালয় পৰিদৰ্শন কৰে। দলটোৱে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, বিটিচি বিধায়িনী পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত অহা বছৰৰ ফেব্ৰুৱাৰীত কোকৰাঝাৰত হ'বলগীয়া এদিনীয়া বাজেট অধিৱেশনৰ প্রস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। ১১ গৰাকী বিধায়কসহ এই দলটোক বিটিআৰৰ মুৰববী প্রমোদ বড়োৱে আদৰণি জনায়। তেওঁ লগতে কোকৰাঝাৰত এদিন...

June 28, 2024 7:57 PM

views 60

দুদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ সন্মিলন

অসম বিধানসভাৰ উদ্যোগত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ এখন সন্মিলন আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দিছপুৰৰ অসম বিধানসভাত অনুষ্ঠিত হৈছে। ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে স্বায়ত্ব শাসিত পৰিষদসমূহক শক্তিশালী আৰু কৰ্মদক্ষ কৰা, কামকাজ পৰিচালনা শৃংখলিত কৰাৰ বাবে বিধি প্ৰস্তুত কৰা, পৰিষদসমূহৰ বিভাগীয় কামকাজসমূহ সহজে আৰু আইন অনুসৰি সম্পন্ন কৰাৰ বাবে বিধি প্ৰস্তুত কৰা আদি উদ্দেশ্যেৰে এ...