হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উদ্যোগত শুৱালকুছিত আজি মেগা হেণ্ডলুম ক্লাষ্টাৰৰ উদ্বোধন কৰা হয়। হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আঁচনিখন উদ্বোধন কৰে।
হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ২৯ কোটি আৰু ৰাজ্য চৰকাৰৰ ৩ কোটিসহ মুঠ ৩২ কোটি টকা ব্যয় সাপেক্ষে আঁচনিখন ৰূপায়ণ কৰা হয়।
হস্ততাঁত ক্লাষ্টাৰটোৰ অধীনত ৫ খন গাঁও পঞ্চায়ত ৬৮ খন গাঁৱৰ মুঠ ৪,২৬৬ গৰাকী শিপিনীক তাঁতশাল আৰু যাৱতীয় সা-সৰঞ্জাম যোগান ধৰা হ’ব।
আজি এই উদ্বোধনী অনুষ্ঠানত বিভাগীয় মন্ত্ৰীগৰাকীক হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ক প্রকাশ চন্দ্র দাসে সংগ দিয়ে।