October 6, 2026 6:28 PM

views 8

হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উদ্যোগত শুৱালকুছিত মেগা হেণ্ডলুম ক্লাষ্টাৰ উদ্বোধন

হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উদ্যোগত শুৱালকুছিত আজি মেগা হেণ্ডলুম ক্লাষ্টাৰৰ উদ্বোধন কৰা হয়। হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আঁচনিখন উদ্বোধন কৰে। হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ২৯ কোটি আৰু ৰাজ্য চৰকাৰৰ ৩ কোটিসহ মুঠ ৩২ কোটি টকা ব্যয় সাপেক্ষে আঁচনিখন ৰূপায়ণ কৰা হয়। হস্ততাঁত ক্লাষ্টাৰটোৰ অধীনত ৫ খন গাঁও পঞ্চায়ত ৬৮ খন গাঁৱৰ মুঠ ৪,২৬৬ গৰাকী শিপিনীক তাঁতশাল আৰু যাৱতীয় সা-সৰঞ্জাম যোগান ধৰা হ'ব। আজি এই উদ্বোধন...

August 6, 2026 11:48 AM

views 26

অসমৰ ৩গৰাকী শিপিনী আৰু উদ্যোগী মহিলাৰ লগতে শুৱালকুছিৰ গন্ধমৌ অঞ্চলৰ বোৱা-কটা সামগ্রী উৎপাদন প্রতিষ্ঠানলৈ ২০২৫ বৰ্ষৰ হস্ততাঁত বঁটা

অসমৰ তিনিগৰাকী শিপিনী আৰু উদ্যোগী মহিলাৰ লগতে শুৱালকুছিৰ গন্ধমৌ অঞ্চলৰ বোৱা-কটা সামগ্রী উৎপাদন প্রতিষ্ঠানে ২০২৫ বৰ্ষৰ হস্ততাঁত বঁটা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। কামৰূপ মহানগৰ জিলাৰ বোন্দাৰ বিশিষ্ট শিপিনী ৰুণীমা চেতিয়া চৌধুৰীয়ে হস্ততাঁত খণ্ডত অসাধাৰণ কাৰুশিল্প আৰু জীৱনজোৰা সাধনাৰ বাবে প্ৰদান কৰা দেশৰ সৰ্বোচ্চ স্বীকৃতি সন্ত কবিৰ হস্ততাঁত বঁটা লাভ কৰিছে। ঐতিহ্যমণ্ডিত মুগা সুতাৰে প্ৰস্তুত কৰা আটকধুনীয়া মুগা ছিল্ক শাৰীৰ অনন্য আৰ্হি, কাৰিকৰী দক্ষতা আৰু অপূৰ্ব বয়নশিল্পৰ বাবে তেওঁলৈ এই বঁটা ...

March 18, 2025 7:49 PM

views 55

শুৱালকুছিৰ বস্ত্ৰশিল্পৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ৩১ কোটি টকা আগবঢ়াবঃ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

ৰাজ্য চৰকাৰে শুৱালকুছিৰ বস্ত্ৰশিল্পৰ উন্নয়নৰ বাবে ৩১ কোটি টকা আগবঢ়াব বুলি হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰকাশ কৰিছে। শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত আৰু শ্বিলঙৰ উত্তৰ-পূব ভাৰত সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ বস্ত্ৰ শিল্পকে ধৰি ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সমস্যা আৰু সম্ভাৱনা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। আলোচনাচক্ৰত অংশগ্ৰহণকাৰী গৱেষকসকলৰ উপৰি অনলাইন মাধ...