অসমৰ তিনিগৰাকী শিপিনী আৰু উদ্যোগী মহিলাৰ লগতে শুৱালকুছিৰ গন্ধমৌ অঞ্চলৰ বোৱা-কটা সামগ্রী উৎপাদন প্রতিষ্ঠানে ২০২৫ বৰ্ষৰ হস্ততাঁত বঁটা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। কামৰূপ মহানগৰ জিলাৰ বোন্দাৰ বিশিষ্ট শিপিনী ৰুণীমা চেতিয়া চৌধুৰীয়ে হস্ততাঁত খণ্ডত অসাধাৰণ কাৰুশিল্প আৰু জীৱনজোৰা সাধনাৰ বাবে প্ৰদান কৰা দেশৰ সৰ্বোচ্চ স্বীকৃতি সন্ত কবিৰ হস্ততাঁত বঁটা লাভ কৰিছে।
ঐতিহ্যমণ্ডিত মুগা সুতাৰে প্ৰস্তুত কৰা আটকধুনীয়া মুগা ছিল্ক শাৰীৰ অনন্য আৰ্হি, কাৰিকৰী দক্ষতা আৰু অপূৰ্ব বয়নশিল্পৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে সোণৰ মুদ্রা, তাম্ৰপত্ৰ, আলোৱান আৰু প্ৰমাণপত্ৰ।
একেদৰে নিজ নিজ ক্ষেত্ৰত উৎকৃষ্ট সৃষ্টিশীলতা আৰু গুণগত মান প্ৰদৰ্শন কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ হাতীগাঁৱৰ জ্যোতি ভূঞা আৰু মাজুলীৰ গড়মূৰৰ ৰিতি দলেই ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত হ’বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰিব।