September 12, 2026 11:50 AM | Biswajit Daimary

printer

কামৰূপৰ বকোৰ মুগা নাৰ্চাৰী ফাৰ্মত আয়োজিত অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ অংশগ্ৰহণ

কামৰূপ জিলাৰ বকোৰ টুৰুকপাৰা মুগা নাৰ্চাৰী ফাৰ্মত মিছন চেনেহজৰীৰ অধীনত আয়োজিত এটা অনুষ্ঠানত কালি মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ মন্ত্ৰী শ্ৰী দৈমাৰীয়ে মুগাৰ খাদ্য বৃক্ষ ৰোপণ কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই ফাৰ্মখনৰ সৈতে জড়িত ১০ গৰাকী মুগা পালক উপকৃত হ’ব বুলি আশা কৰে।

মন্ত্ৰী দৈমাৰীয়ে কয়, যে তৃণমূল পৰ্যায়ৰ ৰেচম উদ্যোগটোক শক্তিশালী কৰা আৰু স্থানীয়ভাৱে উপযোগী ব্যৱস্থাৰ জৰিয়তে মুগা পালকসকলক সহায় কৰিবলৈ চোম গছৰ ৰোপন প্ৰসাৰিত কৰাৰ প্ৰয়োজন আছে। মিছন চেনেহজৰীৰ অধীনত চোম পুলি ৰোপন অভিযানে এই গছৰ লভ্যতা বৃদ্ধি কৰাৰ লগতে মুগা পালকসকলক উপকৃত কৰিব। ইয়াৰ জৰিয়তে ৰাজ্যৰ মুগা ৰেচমৰ উৎপাদন অধিক বৃদ্ধি হোৱাৰোত আশা কৰা হৈছে।

বিভিন্ন বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থকা এই অনুষ্ঠানত মন্ত্ৰী দৈমাৰীয়ে ভালেসংখ্যক মুগা পালকৰ সৈতে মত বিনিময় কৰে।