ৰাজ্যৰ প্ৰায় ২৬ হাজাৰ ৰাজহ গাঁৱৰ প্ৰতিখনতে একোখনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান ২৩৩ খন গ্রাম্য ষ্টেডিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। পৰৱৰ্তী সময়ত প্ৰতিখন ৰাজহ গাঁৱতে এখনকৈ খেল-পথাৰ নিৰ্মাণ কৰা হ’ব বুলি বিধানসভাত ক্রীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে।
কালি বিধানসভাত অগপৰ বিধায়ক ধৰ্মেশ্বৰ ৰায়ৰ এটা প্ৰশ্নৰ উত্তৰত ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে কয়, যে চৰকাৰে ইতিমধ্যে প্ৰতিখন ৰাজহ গাঁৱতে একোখনকৈ গ্রাম্য ক্রীড়া ষ্টেডিয়াম স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। আনহাতে, ৰাজ্য চৰকাৰৰ উত্তৰণ আঁচনিৰ অধীনত বৰ্তমান ৩১ টা ক্রীড়া প্রকল্প উন্নীত কৰা হৈছে বুলি তেওঁ কয়।
একেদৰে ৪০ টা বিধানসভা সমষ্টিত মিনি ষ্টেডিয়াম নির্মাণ প্রক্রিয়া চলি থকা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ১১ খন জিলাত জিলা পৰ্যায়ৰ ষ্টেডিয়াম ইতিমধ্যে গঢ়ি তোলা হৈছে। বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বহুকেইটা সমষ্টিত স্টেডিয়াম নোহোৱাকৈ থকাত এনে সমষ্টিত ষ্টেডিয়াম নিৰ্মাণৰ বাবেও চৰকাৰে কাম হাতত লৈছে।