ৰাজ্য চৰকাৰে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰীৰ নাটনি দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি হস্ততাঁত বস্ত্ৰ, ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে।
কালি বস্ত্ৰ নগৰী শুৱালকুছিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শুৱালকুছি বস্ত্ৰ উদ্যান, শুৱালকুছি ইনষ্টিটিউট অব ফেচন টেকনলজি পৰিদৰ্শন কৰি শিপিনিসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে বহিঃৰাজ্যৰ পৰা অহা বস্ত্ৰ পৰিহাৰ কৰি থলুৱা শিপিনিৰ দ্বাৰা প্ৰস্তুত কৰা বস্ত্ৰ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে পিছত শুৱালকুছিৰ নৱনিৰ্মিত অত্যাধুনিক ষ্টেডিয়ামখনো পৰিদৰ্শন কৰে।